দিলীপ হাজৰিকা, নাজিৰা , ২১ ফেব্ৰুৱাৰী,২০২৪ :আজি নাজিৰাত চি পি আইৰ নাজিৰাস্থ মুখ্য কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত হয় । চি পি আইৰ অসম ৰাজ্য পৰিষদৰ সম্পাদক কনক গগৈয়ে সংবাদমেল সম্বোধন কৰি কয় , আগন্তুক লোকসভা নির্বাচনত চি পি আই ৰাষ্ট্রীয় পৰিষদে INDIA Alliance ত থাকি প্রতিদন্দ্বিতা কৰিবলৈ দেশৰ ১৭ খন বাজাৰ পৰা মুঠ ৩৫ টা সমষ্টি চিনাক্ত কৰিছে। ইয়াৰে অসমৰ যোৰহাট লোকসভা সমষ্টিটো চিনাক্ত কৰিছে। সেইমর্মে ৰাজ্য পৰিষদৰ সভাই চাৰিজনীয়া এখন প্রার্থীৰ পেনেল সর্বসম্মতিক্রমে গ্রহণ কৰি ৰাষ্ট্রীয় পৰিষদলৈ প্রেৰণ কৰে।সংবাদমেলত কনক গগৈয়ে লগতে কয় ,CAA চি পি আই পাটিয়ে পূর্বেও বিৰোধিতা কৰিছিল, বর্তমানেও বিৰোধিতা কৰে আৰু কেন্দ্রীয় গৃহমন্ত্রীয়ে লোকসভা নির্বাচনৰ পূৰ্বেই “কা” কার্যকৰী কৰা হ’ব বুলি কৈছে, কিন্তু চি পি আইয়ে ইয়াক মানি নলয় আৰু ৰাইজৰ লগত থাকি আন্দোলনত জড়িত হ’ব বুলি সকীয়াই দিয়ে ।কনক গগৈয়ে লগতে কয় যে অহা ২৫ ফেব্রুবাৰী পৰা ২৯ ফেব্রুৱাৰীৰলৈকে পাটিয়ে অসমক বিশেষ ৰাজ্যৰ মৰ্য্যদা প্রদান কৰা, ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবী, ‘কা’ বিৰুদ্ধে, দেশৰ যুক্তৰাষ্ট্রীয় ব্যৱস্থাত সনা আঘাতৰ বিৰুদ্ধে, মূল্যবৃদ্ধি ইত্যাদি চৰকাৰৰ জনস্বাৰ্থ আৰু অসম বিৰোধী কামকাজৰ বিৰুদ্ধে এক ৰাজ্যজোৰা প্ৰচাৰ অভিযানৰ চলোৱা হ’ব। ।
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

