নিউজডেক্স,২৪ ফ্ৰেব্ৰুৱাৰী, ২০২৪ :এক উল্লেখযোগ্য পৰিঘটনাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম মন্ত্ৰীসভাই দীৰ্ঘদিনীয়া অসম মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন ১৯৩৫ বাতিল কৰে।২৩ ফ্ৰেব্ৰুৱাৰীত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়। উত্তৰাখণ্ডই ভাৰতৰ প্ৰথমখন ৰাজ্য ৰূপে ইউনিফৰ্ম চিভিল কোড প্ৰৱৰ্তন কৰাৰ পিছতে অসম এই ক্ষেত্ৰৰ পিনে ধাৱমান হোৱাৰ ই এক পদক্ষেপ বুলিব পাৰি ৷ যোবা ২৩ ফ্ৰেব্ৰুৱাৰীত সংবাদ মাধ্যমৰ আগত অসম চৰকাৰৰ কেবিনেট মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ইয়াক ইউনিফৰ্ম চিভিল কোড (ইউচিচি) বাস্তৱায়িত কৰাৰ দিশত এক উল্লেখযোগ্য অগ্ৰগতি বুলি অভিহিত কৰে। তেওঁ কয় যে এতিয়াৰ পৰা ৰাজ্যত প্ৰচলিত বিশেষ বিবাহ আইনে মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ সম্পৰ্কীয় সকলো দিশ নিয়ন্ত্ৰণ কৰিব
এতিয়া অসমৰ প্ৰতিটো বিবাহ বিশেষ বিবাহ আইনৰ অধীনত হ’ব। এই সিদ্ধান্তই বাল্যবিবাহৰ অন্ত পেলোৱাত সহায় কৰিব বুলি অসম চৰকাৰে এক বিবৃতিত প্ৰকাশ কৰিছে।যোৱা শুকুৰবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠকৰ সময়ত চৰকাৰৰ এই সিদ্ধান্ত গ্ৰহণ কৰা হয়।
উত্তৰাখণ্ড ইউনিফৰ্ম চিভিল ক’ড আইন ৰূপায়ণ কৰা দেশৰ প্ৰথমখন ৰাজ্য হোৱাৰ তিনি সপ্তাহৰ পাছত অসম এই দিশে আগবাঢ়িছে আৰু ইউনিফৰ্ম চিভিল ক’ড (ইউচিচি)ৰ দিশত ইয়াক এক বৃহৎ পদক্ষেপ বুলি অভিহিত কৰিছে অসমৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ইউনিফৰ্ম কমন ক’ড ( UCC ) কাৰ্যকৰী কৰাৰ দিশত ইয়াক অসম চৰকাৰৰ প্ৰথম পদক্ষেপ বুলিব পাৰি৷
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি কয়, ‘২৩ ফেব্ৰুৱাৰীত অসম কেবিনেটে যুগ যুগ ধৰি চলি অহা অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিলৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই আইনত বাল্য বিবাহ পঞ্জীয়নৰ অনুমতি দিয়া কিছুমান বিধান অন্তৰ্ভুক্ত কৰা হৈছিল। এই পদক্ষেপ অসমত বাল্যবিবাহ নিষিদ্ধ কৰাৰ দিশত আন এক গুৰুত্বপূৰ্ণ পদক্ষেপ। ”
অন্ত পৰিল মুছলমান বিবাহ পঞ্জীয়কৰ চাকৰিৰ :
এই আইন বিলুপ্ত হোৱাৰ লগে লগে মুছলিম বিবাহ আৰু বিবাহ বিচ্ছেদ আইনৰ অধীনত কাম কৰা ৰাজ্যৰ ৯৪ গৰাকী মুছলমান পঞ্জীয়ককো অপসাৰণ কৰা হৈছে। এই আটাইকেইজনক এতিয়া দুই লাখ টকাৰ এককালীন ক্ষতিপূৰণ দি কৰ্তব্যৰ পৰা মুক্ত কৰা হ’ব। অসম চৰকাৰৰ মতে এই সিদ্ধান্তৰ আঁৰৰ মূল উদ্দেশ্য হৈছে এই আইনৰ অধীনত বহুতো নাবালক বিবাহ হয়। ইয়াৰ উপৰিও ই বাল্যবিবাহৰ অন্ত পেলোৱাৰ দিশত এক পদক্ষেপ, য’ত ২১ বছৰৰ তলৰ পুৰুষ আৰু ১৮ বছৰৰ তলৰ মহিলাই বিবাহ কৰে। ২৩/২/২০২৪ তাৰিখে অসম কেবিনেটৰ যুগ যুগ ধৰি চলি অহা অসম মুছলমান বিবাহ আৰু বিবাহ বিচ্ছেদ পঞ্জীয়ন আইন বাতিলক এক উল্লেখযোগ্য সিদ্ধান্ত বুলিব পাৰি। এই আইনত আইনৰ মতে দৰা-কইনাৰ বয়স ১৮ আৰু ২১ বছৰ নহ’লেও বিবাহ পঞ্জীয়নৰ অনুমতি দিয়া বিধান আছিল। এই কাৰ্য অসমত বাল্যবিবাহ নিষিদ্ধ কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে৷

