নিউজডেক্স, ২৪ ফেব্ৰুৱাৰী,২০২৪ : নাজিৰাৰ মেজেঙ্গাত অৱস্থিত অসম চাহ শ্ৰমিক কল্যাণ পৰিষদৰ অধীনস্থ মেজেঙ্গা বনুৱা নাৰী উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰত অসম চৰকাৰৰ শ্ৰম কল্যাণ,চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে আনুষ্ঠানিক ভাৱে ১৩গৰাকী মহিলাক চিলাই মেচিন আৰু প্ৰমাণ পত্ৰপ্ৰদান কৰে ৷মেজেঙ্গা বনুৱা নাৰী উন্নয়ন প্ৰশিক্ষণ কেন্দ্ৰত ৬ মাহ প্ৰশিক্ষণ লোৱাৰ পিছত আজি এই ১৩ গৰাকী মহিলাক চিলাই মেচিন আৰু প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।
ঝুমুৰ আৰু হুচৰি পৰিবেশনেৰে জীপাল কৰা এই অনুষ্ঠানত উপস্থিত থাকে নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া,অসম চাহ শ্ৰমিক কল্যাণ বিভাগৰ আয়ুক্ত কণপাই দাস , আৰ্টফেডৰ উপাধ্যক্ষ প্ৰহ্লাদ গোৱালা , নাজিৰা মহকুমাধিপতি আয়ুসী জৈনৰ লগতে কেইবাগৰাকীয়ো বিশিষ্ট ব্যক্তি।

