নিউজডেক্স,২৫ ফেব্ৰুৱাৰী,২০২৪ : নাজিৰাৰ লিগিৰীপুখুৰী আৰু মেজেংগা সংযোগী এটা ব্যস্ততাপূৰ্ণ পথ।এই পথৰ কাষতে দিল্লী পাব্লিক স্কুল, ONGC ৰ পাইপৰ ষ্টৰ, ONGC ৰ গল্ফ ক্লাৱ, চি আই এছ এফ(CISF) কেম্পৰ অৱস্থিত। দৈনিক শ শ ছাত্ৰ-ছাত্ৰী গাড়ীয়েদি অহা-যোৱা কৰে দিল্লী পাব্লিক স্কুললৈ। উক্ত পথেদিয়েই কেইবাখনো গাঁৱৰ ৰাইজ আহ-যাহ কৰে, আনকি লিগিৰীপুখুৰী বাগিচাত কাম কৰিবলৈ অহা ব্যক্তি সকলেও এই পথৰেই অহা-যোৱা কৰে। জয়সাগৰত অৱস্থিত চিকিৎসালয় আৰু লিগিৰীপুখুৰীত অৱস্থিত চিকিৎসায়লৈ ৰোগী নিবলৈও চমু পথ হিচাপে ৰাইজে ব্যৱহাৰ কৰে এই পথটোৰ বিভিন্ন ঠাইত পুখুৰী সদৃশ দ গাঁতৰ সৃষ্টি হৈ বৰ্তমান যাতায়তৰ অনুপযোগী হৈ পৰিছে।এজাক বৰষুণ দিলেই পথত থকা পুখুৰী সদৃশ গাঁতত পানী জমা হয় আৰু যাৰ বাবে পথাচাৰীক আহ-যাহত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লাগে। বিধস্ত পথটোৰ বাবে যমৰ যান্ত্ৰণা ভুগি অহা ৰাইজে পথতোৰ অতিশীঘ্রে উন্নয়নৰ দাবী জনাইছে।ৰাইজৰ স্বাৰ্থতযদি পথতো অতিশীঘ্রে উন্নয়ন নকৰিলে পথ অৱৰোধ কৰাৰ হুংকাৰ দিছে আটছা আৰু স্থানীয় ৰাইজে।
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

