নিউজডেক্স,২৫ ফেব্ৰুৱাৰী,২০২৪ : নাজিৰাৰ লিগিৰীপুখুৰী আৰু মেজেংগা সংযোগী এটা ব্যস্ততাপূৰ্ণ পথ।এই পথৰ কাষতে দিল্লী পাব্লিক স্কুল, ONGC ৰ পাইপৰ ষ্টৰ, ONGC ৰ গল্ফ ক্লাৱ, চি আই এছ এফ(CISF) কেম্পৰ অৱস্থিত। দৈনিক শ শ ছাত্ৰ-ছাত্ৰী গাড়ীয়েদি অহা-যোৱা কৰে দিল্লী পাব্লিক স্কুললৈ। উক্ত পথেদিয়েই কেইবাখনো গাঁৱৰ ৰাইজ আহ-যাহ কৰে, আনকি লিগিৰীপুখুৰী বাগিচাত কাম কৰিবলৈ অহা ব্যক্তি সকলেও এই পথৰেই অহা-যোৱা কৰে। জয়সাগৰত অৱস্থিত চিকিৎসালয় আৰু লিগিৰীপুখুৰীত অৱস্থিত চিকিৎসায়লৈ ৰোগী নিবলৈও চমু পথ হিচাপে ৰাইজে ব্যৱহাৰ কৰে এই পথটোৰ বিভিন্ন ঠাইত পুখুৰী সদৃশ দ গাঁতৰ সৃষ্টি হৈ বৰ্তমান যাতায়তৰ অনুপযোগী হৈ পৰিছে।এজাক বৰষুণ দিলেই পথত থকা পুখুৰী সদৃশ গাঁতত পানী জমা হয় আৰু যাৰ বাবে পথাচাৰীক আহ-যাহত যথেষ্ট অসুবিধাৰ সন্মুখীন হ’ব লাগে। বিধস্ত পথটোৰ বাবে যমৰ যান্ত্ৰণা ভুগি অহা ৰাইজে পথতোৰ অতিশীঘ্রে উন্নয়নৰ দাবী জনাইছে।ৰাইজৰ স্বাৰ্থতযদি পথতো অতিশীঘ্রে উন্নয়ন নকৰিলে পথ অৱৰোধ কৰাৰ হুংকাৰ দিছে আটছা আৰু স্থানীয় ৰাইজে।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

