
নিউজডেক্স, ২ মাৰ্চ,২০২৪ : পেৰিছস্থিত ইউনেস্ক’ত নিয়োজিত ভাৰতৰ ৰাষ্ট্ৰদূত তথা স্থায়ী প্ৰতিনিধি বিশাল ভি শৰ্মাই যোৱা এক মাৰ্চত চৰাইদেউ জিলাত উপস্থিত হৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা লাভৰ বাবে মনোনীত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰে। এই সন্দৰ্ভত মৈদাম ক্ষেত্ৰত স্থিত সভাকক্ষত তেওঁ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ প্ৰমুখ্যে চৰাইদেউ আৰু শিৱসাগৰ জিলাৰ জিলা আয়ুক্ত দ্বয় নিবেদন দাস পাটোৱাৰী আৰু আদিত্য বিক্ৰম য়াদবৰ উপস্থিতিত ভাৰতীয় পুৰাতত্ত্ব বিভাগ আৰু ৰাজ্যিক প্ৰত্নতত্ব বিভাগৰ বিষয়াসকলৰ সৈতে অনুষ্ঠিত এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হৈ ঐতিহাসিক চৰাইদেউ মৈদামথলীত গ্ৰহণ কৰা সংৰক্ষণ আৰু সংবৰ্ধন কাৰ্যাৱলী তথা ব্যৱস্থাপনা সন্দৰ্ভত বিস্তৃতভাৱে বুজ লয়। বৈঠকত অসম চৰকাৰৰ সাংস্কৃতিক বিশেষজ্ঞ ডঃ কে চি নৌৰীয়ালে ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰৰ ওপৰত যুগুতোৱা এক পাৱাৰ পইন্ট প্ৰেজেন্টেচন আগবঢ়োৱাৰ লগতে মৈদামথলীত গ্ৰহণ কৰা কাম-কাজসমূহৰ বিষয়ে সবিস্তাৰে অৱগত কৰে। ৰাষ্ট্ৰদূত গৰাকীৰ পৰিদৰ্শন কালত নতুন দিল্লী স্থিত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ যুটীয়া সঞ্চালক প্ৰধান (বিশ্ব ঐতিহ্য) এম. এচ. চৌহান, উত্তৰ পূৰ্বাঞ্চল সংমণ্ডলৰ গুৱাহাটী স্থিত ভাৰতীয় পুৰাতত্ত্ব বিভাগৰ যুটীয়া সঞ্চালক প্ৰধান টি আৰ শৰ্মা, ভাৰতীয় পুৰাতত্ব বিভাগৰ গুৱাহাটী সংমণ্ডলৰ অধীক্ষক প্রত্নতত্ত্ববিদ ডঃ এন কে ছোৱাইন, অসম চৰকাৰৰ প্ৰত্নতত্ব সঞ্চালক ডঃ দীপিৰেখা কুলি, উপ- সঞ্চালক দ্বয় ডঃ নৱজিত দেউৰী আৰু চাবিনা হাচান, নাজিৰাৰ মহকুমাধিপতি আয়ুষী জৈন, নাজিৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জাহ্নবী গোস্বামী, ভাৰতীয় পুৰাতত্ব বিভাগৰ সংৰক্ষণ সহায়ক গুণাংশু কলিতা, ৰাজ্যিক প্ৰত্নতত্ব সঞ্চালকলায়ৰ জ্যেষ্ঠ সংৰক্ষণ বিষয়া কংকণ জ্যোতি শইকীয়া আৰু উদ্ঘাটন বিষয়া ছিমৰণ সাম্ভী প্ৰমুখ্যে ভালেসংখ্যক বিষয়া- কৰ্মচাৰী তথা স্থানীয় ৰাইজ উপস্থিত থাকে।

