নিউজডেক্স, ৪ মাৰ্চ,২০২৪ :যোৱা ৩ মাৰ্চত কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীয়ে দিল্লীত “ হজ সুবিধা এপ”
মুকলি কৰে যিয়ে হজ যাত্ৰী সকলক প্ৰশিক্ষণ মাপাংক, বিমানৰ বিৱৰণ, আৰু থকাৰ ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ সেৱাসমূহৰ প্ৰত্যক্ষ তথ্য আৰু সেৱা প্ৰদান কৰিব।সংখ্যালঘু পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জন বাৰ্লাৰ উপস্থিতিত নতুন দিল্লীৰ বিজ্ঞান ভৱনত হজ ২০২৪ৰ প্ৰস্তুতিৰ অংশ হিচাপে ইৰাণীয়ে দুদিনীয়া প্ৰশিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে।বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৫০ জনতকৈ অধিক প্ৰশিক্ষকে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে হজ যাত্ৰী সকলক অধিক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষকসকলক সংবেদনশীল শিক্ষা প্ৰদান কৰা, যাতে তীৰ্থযাত্ৰীসকলে পৰিপূৰ্ণ অভিজ্ঞতা লাভ কৰে আৰু তীৰ্থযাত্ৰাৰ বিভিন্ন দিশৰ প্ৰতি সচেতন হয়।
মুকলি কৰে যিয়ে হজ যাত্ৰী সকলক প্ৰশিক্ষণ মাপাংক, বিমানৰ বিৱৰণ, আৰু থকাৰ ব্যৱস্থাৰ দৰে গুৰুত্বপূৰ্ণ সেৱাসমূহৰ প্ৰত্যক্ষ তথ্য আৰু সেৱা প্ৰদান কৰিব।সংখ্যালঘু পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী জন বাৰ্লাৰ উপস্থিতিত নতুন দিল্লীৰ বিজ্ঞান ভৱনত হজ ২০২৪ৰ প্ৰস্তুতিৰ অংশ হিচাপে ইৰাণীয়ে দুদিনীয়া প্ৰশিক্ষক প্ৰশিক্ষণ কাৰ্যসূচী উদ্বোধন কৰে।বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৫৫০ জনতকৈ অধিক প্ৰশিক্ষকে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষকৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ মূল উদ্দেশ্য হৈছে হজ যাত্ৰী সকলক অধিক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে প্ৰশিক্ষকসকলক সংবেদনশীল শিক্ষা প্ৰদান কৰা, যাতে তীৰ্থযাত্ৰীসকলে পৰিপূৰ্ণ অভিজ্ঞতা লাভ কৰে আৰু তীৰ্থযাত্ৰাৰ বিভিন্ন দিশৰ প্ৰতি সচেতন হয়।হজক অধিক মসৃণ আৰু আৰামদায়ক অভিজ্ঞতা ৰূপে গঢ়ি তোলাৰ বাবে চৰকাৰী প্ৰচেষ্টাৰ অংশ হিচাপে মন্ত্ৰী ইৰাণীয়ে সকলো হজ তীৰ্থযাত্ৰীৰ সুবিধাৰ্থে হজ সুবিধা এপ মুকলি কৰে৷ কেন্দ্ৰীয় সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰীৰ নিৰ্দেশনাত প্ৰস্তুত কৰা এই হজ সুবিধা এপ হজযাত্ৰীৰ বাবে এক “গেম চেঞ্জাৰ”ত পৰিণত হ’ব বুলি বিভাগীয় ভাবে জনোৱা হৈছে৷
ডিজিটেল আৰু মোবাইল প্ৰযুক্তিৰ সহায় লৈ হজ সুবিধা এপটোৱে তীৰ্থযাত্ৰীসকলৰ হাতৰ মুঠিত প্ৰয়োজনীয় তথ্য আৰু প্ৰশিক্ষণ মডিউল, বিমানৰ সবিশেষ, থকাৰ ব্যৱস্থা, জৰুৰীকালীন হেল্পলাইন, আৰু স্বাস্থ্য আদিৰ দৰে গুৰুত্বপূৰ্ণ সেৱাসমূহৰ জৰুৰী তথ্য প্ৰদান কৰিব । হজযাত্ৰী সকলে নিজৰ আধ্যাত্মিক যাত্ৰাত ভ্ৰমণ, লাগেজ, নথি-পত্ৰ ইত্যাদি লৌকিক কামবোৰৰ পৰা চিন্তামুক্ত হৈ যাতে ভালদৰে নিজৰ আধ্যাত্মিকতাত মনোনিৱেশ কৰিব পাৰে সেই উদ্দেশ্যৰে এই এপটোৱে তীৰ্থযাত্ৰীসকলে যাত্ৰাৰ সময়ত সন্মুখীন হোৱা সাধাৰণ সমস্যাসমূহৰ সমাধান আগবঢ়াব আৰু বিশেষকৈ জীৱনত প্ৰথমবাৰৰ বাবে হজ কৰাসকলৰ বাবে ই এক আশীৰ্বাদ হিচাপে পৰিগণিত হ’ব বুলি বিভাগীয় ভাবে কোৱা হৈছে ৷
ইৰাণীয়ে হজ গাইড-২০২৪ মুকলি কৰি তীৰ্থযাত্ৰীসকলৰ বাবে হজ সুবিধা এপৰ ব্যৱহাৰৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি তীৰ্থযাত্ৰীসকলক সজাগ কৰাৰ বাবেই এই এপ প্ৰস্তুত কৰা হৈছে বুলি কয় । দহটা ভাষাত প্ৰকাশিত এই গাইডখন সকলো হজ যাত্ৰীক প্ৰদান কৰা হ’ব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত হজ যাত্ৰাক স্বচ্ছ, ব্যয়-বহনক্ষম, নিৰাপদ আৰু আধ্যাত্মিকভাৱে পৰিপূৰ্ণ অভিজ্ঞতা হিচাপে গঢ়ি তোলাৰ বাবে তীৰ্থযাত্ৰীসকলৰ পৰা প্ৰত্যক্ষ মতামত লোৱাকে ধৰি চৰকাৰৰ বিস্তৃত প্ৰচেষ্টাৰ বিষয়ে বৰ্ণনা কৰাৰ লগতে লেডিজ উইদাউট মেহৰাম শিতানৰ অধীনত তীৰ্থযাত্ৰীসকলৰ বৰ্ধিত উৎসাহ আৰু অংশগ্ৰহণ, হজক সৰ্বাংগীন আৰু সুলভ কৰি তোলাৰ দিশত চৰকাৰৰ দায়বদ্ধতাৰ প্ৰমাণ বুলিও কয় ৷
ইৰাণীয়ে কয় যে হজ সুবিধা এপে তীৰ্থযাত্ৰীসকলৰ সা-সুবিধা সমূহ উন্নত কৰাৰ উপৰিও প্ৰশাসনিক সমন্বয় আৰু নিয়ন্ত্ৰণ তথা তৎকালীন অভিযোগ নিৰাময়ৰ লগতে জৰুৰীকালীন সঁহাৰিৰ সৈতে নিশ্চয়তা প্ৰদান কৰিব। মন্ত্ৰীগৰাকীয়ে প্ৰশিক্ষণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি প্ৰশিক্ষকসকলক প্ৰতিজন হজ হজযাত্ৰীক নিৰাপদ, শান্তিপূৰ্ণ আৰু আৰামদায়কভাৱে হজ কৰিবলৈ প্ৰশিক্ষণ দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিবৰ বাবে আহ্বান জনায়।প্ৰশিক্ষণৰ উন্নতিৰ বাবে প্ৰতিজন হজযাত্ৰীৰ প্ৰশিক্ষকৰ সংখ্যা পূৰ্বৰ ১:৩০০ অনুপাতৰ পৰা ১:১৫০ অনুপাতলৈ বৃদ্ধি কৰা হৈছে। ইয়াৰ দ্বাৰা ভাৰতীয় হজযাত্ৰীসকলৰ বাবে এক পূৰ্ণতাপূৰ্ণ হজৰ অভিজ্ঞতা প্ৰদান কৰাত বহুখিনি সহায়ক হ’ব বুলি বিভাগীয় ভাবে কোৱা হৈছে।

