দিলিপ হাজৰিকা, ৪ মাৰ্চ, ২০২৪ :আজি নাজিৰা আদৰ্শ আৰক্ষী থানাৰ অন্তৰ্গত লিগিৰী পুখুৰীত এজন ব্যক্তিৰ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হয় । নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ নিৰ্মীয়মাণ পকী গৃহৰ যোগালী হিচাপে কৰ্মৰত উত্তৰ প্ৰদেশৰ চুমিত নামৰ যুৱকজনক যোৱা নিশা কোনো দুবৃৰ্ত্তই দাৰে বুকু , মূৰ আৰু ডিঙীত ঘপিয়াই অতি নৃশংস ভাৱে হত্যা কৰি সমীপৰ হনুমানবাগ চাহ বাগিচাৰ ৩ নং বি লাইনৰ নলাত পেলাই থয় । আজি পুৱা এগৰাকী মহিলাই বাগিচাৰ কাম কৰিবলৈ অহাৰ সময়ত ডিঙি ছিগি নলাত পৰি থকা মৃতদেহটো দেখি চিঞৰি চিঞৰি অচেতন হৈ পৰাত লগে লগে মহিলা গৰাকীক বাগিচাৰ মহৰি আৰু শ্ৰমিকে চিকিৎসালয়লৈ নিয়াৰ লগতে নাজিৰা আদৰ্শ আৰক্ষী থানাৰ আৰক্ষীক খবৰ দিয়াত থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাস সহ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান অব্যাহত ৰখাৰ লগতে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জয়সাগৰস্থ শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

