নিউজডেক্স, ৮ মাৰ্চ, ২০২৪ : আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ প্ৰাক ক্ষণত নাজিৰাৰ দিশা মহিলা সমিতিৰ উদ্যোগত যোৱা ৭ মাৰ্চৰ বিয়লি নাজিৰা উচ্চতৰ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা অঞ্জলী শৰ্মাক নাজিৰা নগৰৰ নিজা বাসগৃহত সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় । ফুলাম গামোচাসহ সম্বৰ্দ্ধনা পত্ৰৰে আগবঢ়োৱা এই সন্মানত আনন্দ প্ৰকাশ কৰি বৰ্ষীয়ান শিক্ষাবিদ গৰাকীয়ে জ্ঞানৰ ব্যাপক প্ৰসাৰৰ দিনত নাৰীয়ে স্ব-জাগ্ৰত ব্যক্তি সচেতনতা, আত্ম-সন্মান আৰু সামাজিক দায়ৱদ্ধতাক প্ৰদৰ্শনৰ লগতে নাৰীয়ে স্বাভিমান বজাই ৰাখিবলৈ সক্ষম হ’ব লাগিব বুলি কোৱৰ লগতে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত সকলোৰে বোধগম্য হোৱা তাৎপৰ্য্যই দিৱসৰ নাৰীৰ প্ৰতি দায়িত্ব আৰু মৰ্য্যদাবোধ তুলি ধৰা বুলি উল্লেখ কৰে । সম্পাদিকা সংগীতা বৰকটকীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত আমন্ত্ৰিত অতিথিৰ বক্তব্যত সাংবাদিক ভাস্কৰজ্যোতি বৰগোহাঁয়ে ভূ-ৰাজনৈতিক তথা আধুনিক মাধ্যম সৃষ্ট প্ৰত্যাহ্বানৰ মাজত নাৰীয়ে সবল যুগুতিৰে মৌলিক শিক্ষা প্ৰদানেৰে নতুন প্ৰজন্ম গঢ়াৰ দিশক মাতৃ তথা নাৰীয়ে বলিষ্ঠভাৱে আগুৱাই নিছে বুলি উল্লেখ কৰে । সেউজী বন গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত মায়াশ্ৰী বৰকটকী, ৰেখা গোস্বামী, দিপ্তী দত্তই সম্বৰ্দ্ধিত শিক্ষয়িত্ৰী অঞ্জলী শৰ্মাক নিজ বক্তব্যৰে শুভেচ্ছা জনায় । সংবাদ কৰ্মী ৰঞ্জিৎ সভাপণ্ডিত সহ মহিলা সমিতিৰ বিষয় ববীয়া সকলৰ উপস্থিতিত সম্বৰ্দ্ধিত অঞ্জলী শৰ্মাই কেক কাটি সকলোকে আনন্দৰ সমভাগী কৰে


