নিউজডেক্স,৯ মাৰ্চ,২০২৪ : লোকসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত পদত্যাগ কৰিলে দেশৰ নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে ৷নিৰ্বাচন আয়োগে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ কেইদিনমান পূৰ্বে শনিবাৰে আয়ুক্ত অৰুণ গোৱেলে পদত্যাগ পত্ৰ দাখিল কৰে।

গোৱেলৰ পদত্যাগৰ লগে লগে ভাৰতীয় নিৰ্বাচন আয়োগ এতিয়া কেৱল মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰৰ নেতৃত্বত গঠিত এজনীয়া সদস্যৰ সংস্থাত পৰিণত হ’ল। পদত্যাগৰ সময়ত গোৱেলৰ কাৰ্যকাল আৰু তিনি বছৰ বাকী আছিল। তিনিজনীয়া নিৰ্বাচন আয়োগত এজন নিৰ্বাচন আয়ুক্তৰ পদ ইতিমধ্যে খালী হৈ আছিল। ইয়াৰ পূৰ্বে নিৰ্বাচন আয়ুক্ত অনুপ পাণ্ডেই চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অৱসৰ গ্ৰহণ কৰিছিল।”The Chief Election Commissioner and other Election Commissioners (Appointment, Conditions of Service and Term of Office) Act, 2023 ৰ ধাৰা (1) ৰ দফা (1) অনুসৰি শ্ৰীযুত অৰুণ গোৱেল দাখিল কৰা পদত্যাগ পত্ৰ ৰাষ্ট্ৰপতিয়ে গ্ৰহণ কৰিছে ”- বুলি আজি অৰ্থাৎ ০৯ মাৰ্চ, ২০২৪ৰ পৰা কাৰ্যকৰী হোৱাকৈ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে জাৰি কৰা এক অধিসূচনাত এই কথা প্ৰকাশ হৈছে৷২০২২ চনৰ ২১ নৱেম্বৰত ভাৰতৰ নিৰ্বাচন আয়ুক্ত হিচাপে দায়িত্ব গ্ৰহণ কৰা গোৱেল ১৯৮৫ চনৰ পঞ্জাৱ কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া আছিল৷
১৯৬২ চনৰ ৭ ডিচেম্বৰত পাটিয়ালাত জন্মগ্ৰহণ কৰা গোৱেলে ইংলেণ্ডৰ কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ চাৰ্চিল কলেজৰ পৰা উন্নয়ন অৰ্থনীতিত ডিষ্টিংচন লৈ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ লগতে আমেৰিকাৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ জন এফ কেনেডি স্কুল অৱ গভৰ্ণমেণ্টতো বিদ্যাতনিক প্ৰশিক্ষণ লৈছিল ৷

