নিউজডেক্স,১৪ মাৰ্চ,২০২৪ :প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন উচ্চ ক্ষমতা সম্পন্ন এক সমিতিয়ে আজি জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সন্ধুক দেশৰ নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দিয়ে৷
বৃহস্পতিবাৰে দুপৰীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী,বিৰোধী দলপতি অধীৰ ৰঞ্জন চৌধুৰী আৰু কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালেৰে গঠিত এখন বাছনি সমিতিৰ বৈঠকত এই নাম দুটা চূড়ান্ত কৰা হয়।এতিয়া শীঘ্ৰেই নিৰ্বাচন আয়োগে আগন্তুক লোকসভা নিৰ্বাচনৰ সময়সূচী ঘোষণা কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰালয়ে এক অধিসূচনাযোগে এই কথা প্ৰকাশ কৰিছে—“ৰাষ্ট্ৰপতিয়ে শ্ৰী জ্ঞানেশ কুমাৰ, আই এ এছ (অৱসৰপ্ৰাপ্ত) আৰু ড০ সুখবীৰ সিং সন্ধু, আই এ এছ (অৱসৰপ্ৰাপ্ত)ক ভাৰতৰ নিৰ্বাচন আয়োগত নিৰ্বাচন আয়ুক্ত হিচাপে নিযুক্তি দি তেওঁলোকৰ কাৰ্যালয়ৰ দায়িত্ব গ্ৰহণ কৰাৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাত আনন্দিত হৈছে।’প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন উচ্চ ক্ষমতাসম্পন্ন সমিতিয়ে ভাৰতৰ নিৰ্বাচন আয়োগ (ইচিআই)ত আজি নতুন নিযুক্তিৰ পূৰ্বে যোৱা ৯ মাৰ্চত নিৰ্বাচন আয়ুক্ত অৰুণ গোৱেলে পদত্যাগ কৰাৰ পিছত তিনিজনীয়া নিৰ্বাচন আয়োগত কেৱল মুখ্য নিৰ্বাচন আয়ুক্ত (চিইচি) ৰাজীৱ কুমাৰহে আছিল।

