নিউজডেক্স,১৬ মাৰ্চ,২০২৪ :নিৰ্বাচন আয়োগে এক সংবাদমেল যোগে আজি কয় যে অহা ১৯ এপ্ৰিলৰ পৰা ৭টা পৰ্যায়ত দেশত অনুষ্ঠিত হ’ব লোকসভা নিৰ্বাচন, ৪ জুনত হ’ব গণনা ৷ ভাৰতত ১৯ এপ্ৰিলৰ পৰা ৭টা পৰ্যায়ত ভোটদান আৰম্ভ হ’ব বুলি আজি সংবাদমেলত ঘোষণা কৰি মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে কয় যে ৪ জুনত ভোট গণনাৰ অন্ত পৰিব।প্ৰথম পৰ্যায়ৰ পিছত দ্বিতীয়টো ২৬ এপ্ৰিলত,৭ মে’ত তৃতীয় পৰ্যায়, ১৩ মে’ত চতুৰ্থ পৰ্যায়, ২০ মে’ত পঞ্চম পৰ্যায়, ২৫ মে’ত ষষ্ঠ পৰ্যায় আৰু ১ জুনত সপ্তম পৰ্যায়ত ভোটদানৰ প্ৰক্ৰিয়া অনুষ্ঠিত হ’ব।কুমাৰে কয় যে এইবাৰ মুঠ ভোটদাতাৰ পৰিমাণহ’ল ৯৬.৮ কোটি, ইয়াৰ ভিতৰত ৪৯.৭ কোটি লোক পুৰুষ, ৪৭.১ কোটি মহিলা, ৪৮,০০০ উভয়লিঙ্গ ভোটাৰ। এইবাৰ বাবে ১.৮ কোটি যুৱ ভোটাৰে প্ৰথমবাৰৰ বাবে ভোটদান কৰিব৷
অসমত
প্ৰথম পৰ্যায় অৰ্থাৎ ১৯.৪.২০২৪ তাৰিখে
তেজপুৰ
লখিমপুৰ
ডিব্ৰুগড়
যোৰহাট
কাজিৰঙা
দ্বিতীয় পৰ্যায় অৰ্থাৎ ২৬/৪/২০২৪ তাৰিখে
নগাঁও
ডিফু
কৰিমগঞ্জ
শিলচৰ
দৰং – উদালগুৰি আৰু তৃতীয় পৰ্যায় অৰ্থাৎ
৭/৫/২০২৪ তাৰিখে
বৰপেটা
কোকৰাঝাৰ
ধুবুৰী
গুৱাহাটী ত নিৰ্বাচন অনুষ্ঠিত হ’ব৷

