নিউজডেক্স,২৩ মাৰ্চ,২০২৪ : আজি দিনযোৰা কাৰ্যসূচীৰে নাজিৰা সমষ্টিৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী প্ৰচাৰ চলাই গৌৰৱ গগৈয়ে। নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু কংগ্ৰেছ কৰ্মী সকলৰ সহযোগত নাজিৰাৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে ৰাইজৰ লগত বিভিন্ন সমস্যা সন্দৰ্ভত বাৰ্তালাপ কৰা পৰিলক্ষিত হয়৷। এই নিৰ্বাচনী প্ৰচাৰ অভিযানত গৌৰৱ গগৈয়ে ৰাইজৰ বিপুল সঁহাৰি লাভ কৰা দেখা যায়৷ বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক সমলোচনা কৰি গৌৰৱ গগৈয়ে কয় যে ডাবল ইঞ্জিনৰ চৰকাৰখন মনোযোগ ব্যৱস্থাপনা আৰু ইভেণ্ট মেনেজমেণ্টতে ব্যস্ত। অসমৰ ৰাইজে জানিব বিচাৰে কেতিয়া জনতাই ভাল ৰাস্তা পাব? চাহ বাগিচাৰ শ্ৰমিকে কেতিয়া পাব উচিত মজুৰি? চৰকাৰী বিদ্যালয়ত গুণগত শিক্ষা কেতিয়া বাস্তৱত পৰিণত হ’ব? কেতিয়া নিয়ন্ত্ৰণলৈ আহিব মুদ্ৰাস্ফীতি?এইবোৰ সমস্যাৰ কোনো উত্তৰ নাই চৰকাৰৰ হাতত।ক্ষমতাত থকাসকলে ৰাজহুৱা কামত অংশগ্ৰহণ কৰা লোকসকলক ভয় খুৱাবলৈ কোনো সুযোগ এৰি দিয়া নাই। কিন্তু, মানুহে ভালকৈ জানে আৰু ৰাইজ পৰিৱৰ্তনৰ বাবে আগ্ৰহী। ৰাইজৰ আমাৰ ওপৰত পূৰ্ণ আস্থা- বিশ্বাস আছে বুলি কয় গৌৰৱ গগৈয়ে৷
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

