নিউজডেক্স,৩০ মাৰ্চ,২০২৪ : অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি হাঁহচৰা লাটুম গাঁৱত আহি উপস্থিত হৈছে লাটুম বৰুৱাৰ বংশধৰ সকল। দিনযোৰা কাৰ্যসূচীৰে আজি অনুষ্ঠিত কৰা হৈছে লাটুম বৰুৱাৰ বংশাৱলীৰ কাৰ্যক্ৰম। লাটুম গাঁৱৰ মধ্য স্থলত মূল মণ্ডপৰ লগতে ঐতিহাসিক কাঠবৰুৱা পুখুৰী পাৰত টাই আহোমৰ ধৰ্মীয় ৰীতি-নীতিৰে এই দ্বিতীয় লাটুম বৰুৱা বংশাৱলী অনুষ্ঠিত হৈছে।ধেমাজি,নামতি,মিছাজান,সাপেখাতী ইত্যাদি অঞ্চলত বাস কৰা লাটুম বৰুৱা বংশৰ সহস্ৰাধিক লোক আহি সমবেত হৈছে এই অনুষ্ঠানত।টাই আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক মহান চাওলুং চাওলুং ছ্যুকাফাৰ অতি বিশ্বাসী সহচৰ লুক্-খা-খুনসকলৰ মাজতেই অংকুৰিত হৈছিল লাটুমৰ তেজ।দেশ জাতিৰ দুৰ্দিনত টাই আহোমৰ বহু সাহসী,দেশপ্ৰেমিক যুদ্ধাই লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁইৰ নেতৃত্বত বিখ্যাত শৰাইঘাট যুদ্ধত,জীৱন পণ কৰিছিল।শৰাইঘাট যুদ্ধৰ পালি সেনাপতি লাটুম বৰুৱাই ৰাঙলী বুৰুজ আৰু পাৰঘোপৰ মাজত কামাখ্যা মন্দিৰলৈ যোৱা বাটৰ পশ্চিমৰ পৰা দুৱাৰ গৰিলালৈকে যুদ্ধক্ষেত্ৰত অংশগ্ৰহণ কৰি বীৰত্বৰ পৰিচয় দিছিল।এই শৰাইঘটীয়া বীৰ লাটুম বৰুৱাৰ ঐতিহ্য আৰু কীৰ্তিচিহ্ন বিজড়িত শিৱসাগৰৰ হাঁহচৰা লাটুম গাঁৱত আজি অনুষ্ঠিত কৰা হৈছে বীৰজনাৰ বংশধৰ সকলৰ দ্বিতীয় লাটুম বৰুৱা বংশাৱলী।
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

