নিউজডেক্স,৩০ মাৰ্চ,২০২৪ : অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি হাঁহচৰা লাটুম গাঁৱত আহি উপস্থিত হৈছে লাটুম বৰুৱাৰ বংশধৰ সকল। দিনযোৰা কাৰ্যসূচীৰে আজি অনুষ্ঠিত কৰা হৈছে লাটুম বৰুৱাৰ বংশাৱলীৰ কাৰ্যক্ৰম। লাটুম গাঁৱৰ মধ্য স্থলত মূল মণ্ডপৰ লগতে ঐতিহাসিক কাঠবৰুৱা পুখুৰী পাৰত টাই আহোমৰ ধৰ্মীয় ৰীতি-নীতিৰে এই দ্বিতীয় লাটুম বৰুৱা বংশাৱলী অনুষ্ঠিত হৈছে।ধেমাজি,নামতি,মিছাজান,সাপেখাতী ইত্যাদি অঞ্চলত বাস কৰা লাটুম বৰুৱা বংশৰ সহস্ৰাধিক লোক আহি সমবেত হৈছে এই অনুষ্ঠানত।টাই আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক মহান চাওলুং চাওলুং ছ্যুকাফাৰ অতি বিশ্বাসী সহচৰ লুক্-খা-খুনসকলৰ মাজতেই অংকুৰিত হৈছিল লাটুমৰ তেজ।দেশ জাতিৰ দুৰ্দিনত টাই আহোমৰ বহু সাহসী,দেশপ্ৰেমিক যুদ্ধাই লাচিত বৰফুকন আৰু আতন বুঢ়াগোহাঁইৰ নেতৃত্বত বিখ্যাত শৰাইঘাট যুদ্ধত,জীৱন পণ কৰিছিল।শৰাইঘাট যুদ্ধৰ পালি সেনাপতি লাটুম বৰুৱাই ৰাঙলী বুৰুজ আৰু পাৰঘোপৰ মাজত কামাখ্যা মন্দিৰলৈ যোৱা বাটৰ পশ্চিমৰ পৰা দুৱাৰ গৰিলালৈকে যুদ্ধক্ষেত্ৰত অংশগ্ৰহণ কৰি বীৰত্বৰ পৰিচয় দিছিল।এই শৰাইঘটীয়া বীৰ লাটুম বৰুৱাৰ ঐতিহ্য আৰু কীৰ্তিচিহ্ন বিজড়িত শিৱসাগৰৰ হাঁহচৰা লাটুম গাঁৱত আজি অনুষ্ঠিত কৰা হৈছে বীৰজনাৰ বংশধৰ সকলৰ দ্বিতীয় লাটুম বৰুৱা বংশাৱলী।
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

