নিউজডেক্স,৪এপ্ৰিল,২০২৪: নিউজহাণ্ট এন ইৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিশিষ্ট সাংবাদিক হাইদৰ হুছেইনে কয় যে আজিকালি বিভিন্ন কাৰণত চৰকাৰৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানৰ প্ৰতি ৰাইজৰ আস্থা কমিছে৷ এতিয়া উচ্চ হাৰৰ নম্বৰৰ ভিত্তিত মেধাৱী লোকক শিক্ষক ৰূপে নিয়োগ কৰা হয় যদিও দায়বদ্ধতাৰ অভাৱৰ বাবে সেই অনুপাতে শিক্ষানুষ্ঠান সমূহৰ ফলাফল ভাল নহয়৷ গুণগত অৱক্ষয়ৰ বাবেই এতিয়া বেছিভাগ শিক্ষক-অধ্যাপকে নিজৰ ল’ৰা ছোৱালীক তেখেতে নিজে কাম কৰা শিক্ষানুষ্ঠান খনত পঢ়োৱাব নিবিচাৰে ৷আনহাতে সপোন দেখুওৱাৰ ক্ষেত্ৰত আমাৰ সমাজখন নিৰ্লিপ্ত আৰু দায়িত্বহীন হোৱা পৰিলক্ষিত হৈছে৷কেৱল শ্ল’গানৰ দ্বাৰা জাতি ৰক্ষা কৰিব নোৱাৰি৷ সততাৰ দ্বাৰা ত্যাগৰ মনোবৃত্তিৰে সমাজখনৰ জটিল জনবিন্যাসক একত্ৰিত কৰি এখন সমৃদ্ধ অসম গঢ়াৰ কাৰণে আমি সকলো যদি তৎপৰ হওঁ তেতিয়াহে ৰাজ্যখনৰ জটিল সমস্যাবোৰ সমাধান হ’ব বুলি কয় বৰ্ষীয়ান সাংবাদিক গৰাকীয়ে ৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

