নিউজডেক্স,৯এপ্ৰিল,২০২৪ : জ্যেষ্ঠ সাংবাদিক তথা সমালোচক হাইদৰ হুচেইনৰ সৈতে হোৱা আমাৰ এক আছুতীয়া সাক্ষাৎকাৰত সাম্প্ৰতিক সময়ত সাংবাদ জগতৰ অৱক্ষয় সন্দৰ্ভত সোধা এক প্ৰশ্নৰ উত্তৰত তেখেতে ইয়াক সমাজৰ সামগ্ৰিক অৱক্ষয়ৰ প্ৰতিফলন বুলি কয়৷ তেখেতৰ মতে সংবাদ মাধ্যমক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় যদিও বৰ্তমান গণতন্ত্ৰৰ আন তিনিওটা স্তম্ভতে অৱক্ষয় পৰিলক্ষিত হৈছে৷ সাধাৰণতে দেশৰ প্ৰচলিত আইন আৰু শাসন ব্যৱস্থাৰ পৰা সাংবাদিকতা বিচ্ছিন্ন হ’ব নোৱাৰে আৰু সমাজৰ সামগ্ৰিক স্খলনৰ প্ৰভাৱৰ হেতু আজি দেশৰ তদন্তকাৰী সংস্থা ই-ডি, চি-বি-আই আদিও পথচ্যুত হোৱাৰ বাতৰি ওলাইছে৷ সাংবাদিক সকলো আজি বহু বাধ্য বাধকতাৰ মাজত সোমাই পৰিছে ৷ শেষতীয়াভাবে বিভিন্ন কাৰণত দেশৰ মূল সুতিৰ সংবাদ মাধ্যম চৰকাৰ নিৰ্ভৰশীল হ’বলগীয়া হৈছে৷ ইয়াৰ বাবে কেৱল প্ৰচাৰ মাধ্যমৰ মালিক কৰ্তৃপক্ষক দোষ দি লাভ নাই৷ সামগ্ৰিক ভাবে আজি দেশত সংবিধান মানি চলাৰ প্ৰৱণতা হ্ৰাস পাইছে ৷সেয়েহে সাংবাদিকতাও বহুক্ষেত্ৰত পথচ্যুত হৈছে৷ সাম্প্ৰতিক সময়ৰ ৰাজনীতি হ’ল ক্ষমতা সৰ্বস্ব ৰাজনীতি ,ইয়াত মূল্যবোধ বা ত্যাগৰ কথা নাই আৰু ৰাজনীতিয়েই সমাজৰ মূল চালিকাশক্তি ৷সেয়েহে বৰ্তমান সময়ত ৰাজনীতিৰ লগতে সংবাদ মাধ্যমৰো অৱক্ষয় পৰিলক্ষিত হৈছে আৰু মানুহৰ মাজত অসন্তুষ্টি বাঢ়িছে৷ বৰ্তমানৰ এই হতাশজনক পৰিস্থিতিৰ পৰা মুক্তি পাবৰ বাবে সমাজ সচেতন ৰাইজে বিবেক বিবেচনাৰ দ্বাৰা মানুহ আৰু জাতিৰ প্ৰতি থকা দায়বদ্ধতাৰ প্ৰতি সচেতন হ’লে নিৰাশাৰ মাজতো আশাৰ সঞ্চাৰ হোৱাৰ এক বাতাবৰণ সৃষ্টি হ’ব বুলি কয় বিশিষ্ট সাংবাদিক গৰাকীয়ে ৷
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

