নিউজডেক্স,৯এপ্ৰিল,২০২৪: আজি লখীমপুৰত বি জে পি ৰ প্ৰক্ষেপিত প্ৰাৰ্থী প্ৰদান বৰুৱাৰ সমৰ্থনত আয়োজিত এক বিশাল জনসভাত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে দেশৰ সীমান্ত সুৰক্ষিত কৰি বাংলাদেশৰ পৰা অনুপ্ৰৱেশ বন্ধ কৰিছে। পূৰ্বতে এই সীমান্ত মুকলি আছিল। অমিত শ্বাহে ১৯৬২ চনৰ চীনা আগ্ৰাসনৰ কথা উত্থাপন কৰি কয় যে তদানীন্তন প্ৰধানমন্ত্ৰী নেহৰুৱে সেই সময়ত অসম আৰু অৰুণাচল প্ৰদেশক বিদাই দিছিল ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চীনে ভাৰতৰ এক ইঞ্চিও মাটি বেদখল কৰিব নোৱাৰিব বুলি গৌৰৱ কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ১৯৬২ চনৰ চীনৰ আগ্ৰাসনৰ সময়ত প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসম আৰু অৰুণাচলক “বাই-বাই” বুলি কৈছিল ৷
অৰুণাচল প্ৰদেশক লৈ নতুন দিল্লী আৰু বেইজিঙৰ মাজত বাকযুদ্ধ চলি থকাৰ সময়তে অসমৰ লখিমপুৰত আজি নিৰ্বাচনী সভাত গৃহমন্ত্ৰীয়ে এনেদৰে কয় ।
চীনে শেহতীয়াকৈ অৰুণাচল প্ৰদেশৰ বহু অঞ্চল নিজৰ ভূখণ্ডৰ অংশ বুলি দাবী কৰিছে যদিও ভাৰতে চীনৰ এই দাবী দৃঢ়তাৰে নাকচ কৰি কয় যে সমগ্ৰ অৰুণাচল প্ৰদেশ ভাৰতৰ অংশ আছিল, আছে আৰু সদায় থাকিব, আৰু বেইজিঙে নিজৰ ভুৱা দাবী পুনৰাবৃত্তি কৰিলেও বাস্তৱৰ কোনো পৰিৱৰ্তন নহ’ব।
“১৯৬২ চনৰ চীনৰ আগ্ৰাসনৰ সময়ত নেহৰুৱে অসম আৰু অৰুণাচল প্ৰদেশক ‘বাই-বাই’ বুলি কৈছিল। এই ৰাজ্যসমূহৰ মানুহে সেই কথা কেতিয়াও পাহৰিব নোৱাৰে৷ কিন্তু এতিয়া চীনে আমাৰ মাটিৰ এক ইঞ্চিও বেদখল কৰিব নোৱাৰে। আনকি ডকলামত, আমি তেওঁলোকক পিছলৈ ঠেলি দিলোঁ।”-বুলি গৃহমন্ত্ৰীয়ে কয় ।
শ্বাহে কয় যে কেন্দ্ৰত মোডী চৰকাৰ আৰু ৰাজ্যত হিমন্ত বিশ্ব শৰ্মা চৰকাৰ থকাৰ বাবে “আমি ক’ব পাৰো যে অনুপ্ৰৱেশ বন্ধ হৈছে”। অসমৰ পূৰ্বৰ কংগ্ৰেছ চৰকাৰে ৰাজ্যখনৰ ওপৰত “অন্যায় কৰাৰ” অভিযোগ উণ্থাপন কৰি তেওঁ লগতে বিভিন্ন হিংসাত্মক আন্দোলন আৰু বিদ্ৰোহ সম্পৰ্কীয় ঘটনাৰ বাবে ৰাজ্যখনত সহস্ৰাধিক লোক নিহত হোৱাৰ কাৰণে কংগ্ৰেছকেই জগৰীয়া কৰে৷
ৰাজ্যৰ ৮০ শতাংশ অঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন প্ৰত্যাহাৰ কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে বিগত ১০ বছৰত মোডী চৰকাৰৰ অধীনত শান্তি চুক্তি স্বাক্ষৰিত হৈছিল আৰু ৯ হাজাৰ যুৱকে আত্মসমৰ্পণ কৰিছিল।তেওঁ কয় যে অসম চুক্তি স্বাক্ষৰিত হৈছিল যদিও ইয়াৰ দফা সমূহ কংগ্ৰেছৰ অৱহেলাৰ কাৰণেই কাৰ্যকৰী নহ’ল। কিন্তু বিজেপি চৰকাৰে বডো চুক্তি স্বাক্ষৰ কৰাৰ দুবছৰৰ পাছত সকলো দফা পূৰণ কৰিলে৷
অমিত শ্বাহে কয় যে ভোটাৰৰ সন্মুখত এতিয়া বিকল্পসমূহ স্পষ্ট – ৰাহুল গান্ধীৰ ইণ্ডিয়া ব্লকক ভোট দিয়া বা মোডী নেতৃত্বাধীন বিজেপিক ভোট দিয়া৷ দেশৰ উন্নতি আৰু বিকাশৰ বাবে তেওঁ বিজেপি প্ৰাৰ্থী প্ৰদান বৰুৱাক বিজয়ী কৰি কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকাল নিশ্চিত কৰিবৰ বাবে ৰাইজক আহ্বান জনায়৷

