নিউজডেক্স,১৮এপ্ৰিল,২০২৪ :লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্য্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়ালৈ মাজত মাত্ৰ কেইটামান ঘণ্টা বাকী।কাইলৈ অনুষ্ঠিত হব প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। প্ৰথম পৰ্যায়ৰ ৫ টা লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে আজি পুৱাৰে পৰা ভোট কেন্দ্ৰ সমূহলৈ ৰাওনা হৈছে পুলিং,পিজাইডিং বিষয়াৰ দল । ইভিএম মেছিন আৰু ভিভিপেট লৈ নাজিৰা সমষ্টিৰ মুঠ ২২৪ টা ভোট কেন্দ্ৰলৈ ৰাওনা হৈছে এই দলসমূহ ।কালিলৈ যোৰহাট লোকসভা সমষ্টিৰ সাধাৰণ জনতাই নিৰ্ণয় কৰিব ৰাজ্যজুৰি চৰ্চাত থকা দুই গগৈৰ ৰাজনৈতিক ভবিষ্যত।এইবাৰ গৌৰৱ গগৈ আৰু তপন গগৈৰ ভিতৰতে হ’ব মুখ্য নিৰ্বাচনী যুঁজ৷যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত নাজিৰা বিধানসভা সমষ্টিত মুঠ ১৮০০৬৪ গৰাকী ভোটাৰৰ ভোটগ্ৰহণৰ বাবে পুলিং- পিজাইডিং বিষয়া সকল নাজিৰাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰপৰা ৰাওনা হৈছে ভোট কেন্দ্ৰ সমূহলৈ । সমষ্টি পুনৰনিদ্ধাৰণৰ পিছত আমগুৰি সমষ্টিৰ বিলুপ্তি হৈ ইয়াৰ একাংশ নাজিৰা সমষ্টিৰ লগত চামিল হোৱাৰ পিছত এইবাৰ নাজিৰা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হ’ল ১৮০০৬৪ জন , ইয়াৰে পুৰুষ ভোটাৰ ৮৮১৭৭ জন , মহিলা ভোটাৰৰ সংখ্যা ৯১৮৮৬ গৰাকী আৰু ১ জন তৃতীয় লিংগৰ ভোটাৰ । আনহাতে কালিলৈ অৰ্থাৎ ১৯ এপ্ৰিলত অনুষ্ঠিত হবলগীয়া লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ যাতে শান্তিপূৰ্ণ ভাৱে সম্পন্ন হয় তাৰ প্ৰতি লক্ষ্য ৰাখি শিৱসাগৰ জিলাত ১৭ এপ্ৰিলৰ সন্ধিয়াৰ পৰা ১৯ এপ্ৰিলৰ ভোটদান পৰ্ব শেষ নোহোৱা পৰ্যন্ত ভাৰতীয় দণ্ডবিধি আইনৰ ১৪৪ ধাৰা (আই) ৰ অধীনত শিৱসাগৰ জিলা আয়ুক্ত আদিত্য বিক্ৰম যাদৱে বিশেষ ক্ষমতাৰে ভোটগ্ৰহণ কেন্দ্ৰ সমূহৰ এশ মিটাৰ দূৰত্বৰ ভিতৰত পাঁচজনতকৈ অধিক লোক সমাগম হোৱা, লাঠী, ৰ’ড, তৰোৱাল জাতীয় সামগ্ৰী আৰু মাৰনাস্ত্ৰ আদি কঢ়িওৱা আদি কাৰ্য সম্পূৰ্ণ ভাবে নিষিদ্ধ কৰিছে। এনে ধৰণৰ কাৰ্যই নিকা নিৰ্বাচন সম্পন্ন কৰাৰ ক্ষেত্ৰত যাতে ৰাজহুৱা শান্তি বিঘ্নিত কৰিব নোৱাৰে তাৰ বাবে বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। এই আদেশ ভংগ কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰা অনুযায়ী দণ্ডনীয় হব।

