নিউজডেক্স,১৯এপ্ৰিল,২০২৪ : আজি অসমৰ ৫টা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোট গ্ৰহণ।পুৱা ৭ বজাৰ পৰা ভোট কেন্দ্ৰ সমূহত ভোটাৰ সকলে ভোট দান সাব্যস্ত কৰিছে।যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত ৯৭নং নাজিৰা বিধানসভা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াই আজি পুৱাই নাজিৰা বিধানসভা সমষ্টিৰ ১০৯ নং ভোট কেন্দ্ৰত ভোট দান সাব্যস্ত কৰে।
বিধায়ক দেৱব্ৰত শইকীয়াৰ লগতে দেৱব্ৰত শইকীয়াৰ মাতৃ তথা প্ৰাক্তন মন্ত্ৰী হেমপ্ৰভা শইকীয়া,পত্নীয়ে ভোটদান সাব্যস্ত কৰে ৷ আনহাতে দিনৰ এক বজাৰলৈকে নাজিৰা সমষ্টিত ৪৯.২৫ শতাংশ ভোটদান সম্পন্ন হোৱাৰ খবৰ পোৱা গৈছে৷