নিউজডেক্স,২৩এপ্ৰিল,২০২৪: ৰেল বিভাগৰ কনিষ্টবলৰ খালী পদত নিযুক্তিৰ বাবে অনলাইন আবেদনৰ অধিসূচনা জাৰি কৰিছে ৰে’ল সুৰক্ষা বাহিনীয়ে। ৪,৬৬০টা খালী হৈ থকা কনিষ্টবল পদৰ পদ পূৰণৰ বাবে আৰ পি এফৰ নিযুক্তি অভিযানআৰম্ভ কৰিছে৷ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে কনিষ্টবল পদৰ বাবে আবেদন কৰিবলৈ আৰ পি এফৰ আনুষ্ঠানিক ৱেবছাইট rrbapply.gov.in ত আবেদন কৰিব পাৰিব। ইতিমধ্যে আবেদন পদ্ধতি আৰম্ভ হৈছে আৰু অহা ১৪ মে’ত ই সমাপ্ত হ’ব ৷- আৰ পি এফৰ চৰকাৰী কনিষ্টবল নিযুক্তিৰ জাননী যোৱা ১৪ এপ্ৰিল, ২০২৪ তাৰিখে প্ৰকাশিত হয়৷
- অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়াৰ আৰম্ভণিৰ তাৰিখ: ১৫ এপ্ৰিল, ২০২৪ ৰ পৰা,
- অনলাইন আৰ পি এফ কনিষ্টবল আবেদনৰ শেষ তাৰিখ হৈছে : ১৪ মে’, ২০২৪ ৷
- পৰীক্ষাৰ তাৰিখ: এতিয়াও ঘোষণা কৰা হোৱা নাই
যোগ্যতাৰ মাপকাঠী
প্ৰাৰ্থী স্বীকৃতিপ্ৰাপ্ত ব’ৰ্ড বা প্ৰতিষ্ঠানৰ পৰা দশম শ্ৰেণীত উত্তীৰ্ণ হ’ব লাগিব।
বয়সৰ নিম্ন সীমা ১৮ বছৰ আৰু উচ্চ সীমা ২৮ বছৰ৷
সংৰক্ষিত শ্ৰেণীৰ প্ৰাৰ্থীক বয়সৰ শিথিলতা দিয়া হ’ব।আবেদন কাৰীয়ে rrbapply.gov.in ত ৰেলৱে ৰিকুইটমেণ্ট বৰ্ড ( আৰ আৰ বি)ৰ আনুষ্ঠানিক ৱেবছাইটলৈ গৈ পঞ্জীয়ন কৰিব লাগিব৷ এপ্লাই বুটামত ক্লিক কৰিলে পঞ্জীয়ন প্ৰ-পত্ৰ প্ৰদৰ্শিত হ’ব। পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ মৌলিক তথ্য অৰ্থাৎ নাম, পিতৃৰ নাম, মাতৃৰ নাম, জন্ম তাৰিখ, আধাৰ নম্বৰ আদি দিয়াৰ পিছত পঞ্জীয়ন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ পূৰ্বদৰ্শন আৰু একাউণ্ট সৃষ্টি কৰি বুটামত ক্লিক কৰিব লাগিব৷দ্বিতীয়তে অনলাইন আবেদন প্ৰ-পত্ৰৰ বাবে এটা বৈধ ইমেইল আইডি, মোবাইল নম্বৰ, আৰু পাছৱৰ্ডৰ সৈতে লগ ইন কৰিব লাগিব৷বৈধ মোবাইল নম্বৰ আৰু ইমেইল আই ডি অ’টিপিৰ জৰিয়তে পৰীক্ষা কৰা হ’ব ৷আৰ পি এফ কনিষ্টবল অনলাইন ফৰ্মত প্ৰয়োজনীয় সকলো তথ্য প্ৰদান কৰি প্ৰাৰ্থীৰ ফটো আৰু স্বাক্ষৰ নিৰ্দিষ্ট বিন্যাসত আপলোড কৰাৰ লগতে অনলাইন ফৰ্মত থকা তথ্যসমূহ পুনৰীক্ষণ কৰি আবেদন মাচুল পৰিশোধ কৰিব লাগিব৷বৈধ ফটো আইডি প্ৰমাণ (আধাৰ কাৰ্ড/ ভোটাৰ কাৰ্ড/ পেন কাৰ্ড/ পাছপ’ৰ্ট/ ড্ৰাইভিং লাইচেন্স/ ৰাজ্য বা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা আন যিকোনো ফটো আইডি কাৰ্ড),হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰমাণ পত্ৰ আবেদনৰ লগতে আপলোড কৰিব লাগিব৷সাধাৰণ,অসংৰক্ষিত আৰু অ’বিচি শ্ৰেণীৰ বাবে আবেদন মাচুল ৫০০ টকা৷ আনহাতে অনুসূচিত জাতি,জনজাতি,প্ৰাক্তন সেনাবাহিনী,মহিলা,তৃতীয় লংগ আৰু ইডব্লি

