নিউজডেক্স,২৩এপ্ৰিল,২০২৪ :আজি নাজিৰাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হয়৷ পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পিছতে মঞ্চৰ দ্বাৰা আয়োজিত গল্প,কবিতা আৰু প্ৰবন্ধ প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ বিতৰণ কৰাৰ লগতে গীত পৰিবেশনৰে অনুষ্ঠানটো জীপাল কৰি তোলা হয়৷ উল্লেখ্য যে নাজিৰাৰ প্ৰবীন শিক্ষাবিদ তথা সাংবাদিক বীৰেন শৰ্মাৰ নেতৃত্বত আৰু কিছুসংখ্যক বিদ্যান লোকৰ প্ৰচেষ্টাত ২০০৬ চনত প্ৰতিষ্ঠা হোৱা সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ চমুকৈ ত্ৰিমঞ্চৰ এই প্ৰতিষ্ঠা দিৱসত অৱসৰী উপাধ্যক্ষ প্ৰভাত বৰঠাকুৰ,অৱসৰী অধ্যাপক তথা প্ৰৱন্ধাকাৰ উমা কোঁৱৰ,নাজিৰা—শিমলুগুৰি উন্নয়ন পৰিষদৰ অধ্যক্ষ অজয়লাল বৰুৱাকে ধৰি বহু গণ্য মান্য লোক উপস্থিত থাকে৷
Breaking News
- অসমৰ চেইল গেছ সন্দৰ্ভত আজিও ৰহস্যজনক ভাবে নিমাত অ এন জি চি: তথ্য গোপনৰ প্ৰচেষ্টাৰে নিদিয়ে আৰ টি আইৰ উত্তৰ
- আদালতৰ নিৰ্দেশ উপেক্ষা কৰি নাজিৰা চিকিৎসালয়ত বেদখল অব্যাহত: নীৰৱ প্ৰশাসন
- নাজিৰা নগৰৰ ঐতিহ্যমণ্ডিত চৰকাৰী সহাৰ্যপ্ৰাপ্ত চিকিৎসালয়খন চৰকাৰে বন্ধ কৰিব খোজাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ দাবী স্থানীয় ৰাইজৰ
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ

