নিউজডেক্স,২৫এপ্ৰিল,২০২৪ :ভাৰতৰ নিৰ্বাচনী আয়োগক প্ৰতাৰিত কৰি শিৱসাগৰ আমোলাপট্টিৰ নিবাসী পুতু বৰুৱাই ভিন্ন নামত দুখন ভোটাৰ কাৰ্ডৰ জৰিয়তে একেদিনাই দুঠাইত ভোটদানৰ অভিযোগ উত্থাপন কৰিছে নাজিৰা লেঙিবৰ নৃপেন শইকীয়া নামৰ এজন ব্যক্তিয়ে। যোৱা ১৯ এপ্ৰিল তাৰিখত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনত শিৱসাগৰ আমোলাপট্টিৰ নিবাসী পুতু বৰুৱাই দুবাৰকৈ ভোটদান প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ গুৰুতৰ অভিযোগ উণ্থাপন কৰি একেজন ব্যক্তিৰ শিৱসাগৰত পুতু বৰুৱা আৰু নাজিৰাত ইন্দ্ৰেশ্বৰ বৰুৱা নামসহ পৃথক পৃথক ভোটাৰ কাৰ্ড থকাৰ অভিযোগ উণ্থাপন কৰিছে নৃপেন শইকীয়াই৷ এজন ব্যক্তিৰ দুটাকৈ পৃথক পৃথক নামত কেনেকৈ ভোটাৰ কাৰ্ড পাবলৈ সক্ষম হ’ল আৰু প্ৰচলিত আইন অৱমাননা কৰি তেওঁ কেনেকৈ শিৱসাগৰ আৰু নাজিৰা এই দুয়োটা সমষ্টিতে একেদিনাই ভোটদান কৰিলে এই সন্দৰ্ভত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে শিৱসাগৰ আৰু নাজিৰাৰ নিৰ্বাচনী বিষয়াক অভিযোগ দাখিল কৰিছে নৃপেন শইকীয়াই৷শিৱসাগৰ সমষ্টিৰ ভোটাৰ কাৰ্ডত পুতু বৰুৱাৰ বয়স ৭৭ বছৰ বুলি উল্লেখ থকাৰ বিপৰীতে নাজিৰা সমষ্টিৰ ভোটাৰ কাৰ্ডত একেজন ব্যক্তিৰ নাম ইন্দ্ৰেশ্বৰ বৰুৱা আৰু বয়স ৭৬ বছৰ বুলি উল্লেখ আছে৷

