নিউজডেক্স,১৭মে’,২০২৪ : আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতি বিজড়িত ঐতিহাসিক বৰশিলৰ পৰা মেকিপুৰ সংযোগী ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ প্ৰায় ১৫ কোটি টকীয়া কামত নিজৰ খেয়াল খুচি মতে পথ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে ঠিকাদাৰ শিৱা হৰলালকাৰ বিৰুদ্ধে। বিগত ১৯- ২০ বৰ্ষতেই নিবিদা লাভ কৰা ঠিকাদাৰ শিৱা হৰলালকাই প্ৰায় ৫ মাহৰ আগতে এই কাম সম্পূৰ্ণ কৰিছিল যদিও বৰ্তমান ঐতহাসিক বৰশিলৰ সমীপত প্ৰায় দুই তিনি কিলোমিটাৰ পৰ্যন্ত পথটোত পুখুৰী সদৃশ দ গাঁতৰ সৃষ্টি হোৱাৰ লগতে বখলা বখলে ব্লেক কাৰ্পেটিং এৰাই যোৱা পৰিলক্ষিত হৈছে। সম্পূৰ্ণ লুণ্ঠনৰ মানসিকতাৰে নিৰ্মাণ কৰা এই পথটোৰ চাইদ-বামৰ কাম সম্পন্ন নকৰাৰ ফলত ক্ৰমান্বয়ে খহি গৈছে পথটোৰ দয়োকাষ৷ উল্লেখ্য যে ঐতহাসিক পৰ্যটনথলী বৰশিললৈ এই পথেৰেই দূৰ-দূৰণিৰ বহু লোক আহে যদিও পথৰ দুৰাৱস্থাৰ বাবেই পৰ্যটক সকল বহু অসুবিধাৰ সন্মুখীন হয় ৷এনে ঐতহাসিক পৰ্যটনথলীৰ মূল পথটোৰ নিৰ্মাণ বিসংগতি তথা লুণ্ঠনৰ বাবেই স্থানীয় ৰাইজে ৰাজ্য চৰকাৰক দোষাৰোপ কৰাৰ লগতে শ্ৰীঘ্ৰেই এই পথটো মেৰামতি নকৰিলে চাহ জনজাতি ছাত্ৰ সন্থাই স্থানীয় শাখাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ কথা ঘোষণা কৰিছে ৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

