নিউজডেক্স,১৭মে’,২০২৪ : আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতি বিজড়িত ঐতিহাসিক বৰশিলৰ পৰা মেকিপুৰ সংযোগী ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ প্ৰায় ১৫ কোটি টকীয়া কামত নিজৰ খেয়াল খুচি মতে পথ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে ঠিকাদাৰ শিৱা হৰলালকাৰ বিৰুদ্ধে। বিগত ১৯- ২০ বৰ্ষতেই নিবিদা লাভ কৰা ঠিকাদাৰ শিৱা হৰলালকাই প্ৰায় ৫ মাহৰ আগতে এই কাম সম্পূৰ্ণ কৰিছিল যদিও বৰ্তমান ঐতহাসিক বৰশিলৰ সমীপত প্ৰায় দুই তিনি কিলোমিটাৰ পৰ্যন্ত পথটোত পুখুৰী সদৃশ দ গাঁতৰ সৃষ্টি হোৱাৰ লগতে বখলা বখলে ব্লেক কাৰ্পেটিং এৰাই যোৱা পৰিলক্ষিত হৈছে। সম্পূৰ্ণ লুণ্ঠনৰ মানসিকতাৰে নিৰ্মাণ কৰা এই পথটোৰ চাইদ-বামৰ কাম সম্পন্ন নকৰাৰ ফলত ক্ৰমান্বয়ে খহি গৈছে পথটোৰ দয়োকাষ৷ উল্লেখ্য যে ঐতহাসিক পৰ্যটনথলী বৰশিললৈ এই পথেৰেই দূৰ-দূৰণিৰ বহু লোক আহে যদিও পথৰ দুৰাৱস্থাৰ বাবেই পৰ্যটক সকল বহু অসুবিধাৰ সন্মুখীন হয় ৷এনে ঐতহাসিক পৰ্যটনথলীৰ মূল পথটোৰ নিৰ্মাণ বিসংগতি তথা লুণ্ঠনৰ বাবেই স্থানীয় ৰাইজে ৰাজ্য চৰকাৰক দোষাৰোপ কৰাৰ লগতে শ্ৰীঘ্ৰেই এই পথটো মেৰামতি নকৰিলে চাহ জনজাতি ছাত্ৰ সন্থাই স্থানীয় শাখাই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ কথা ঘোষণা কৰিছে ৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

