বিজেপি নেতৃত্বাধীন এন ডি এ আৰু বিৰোধীৰ মাজত আলোচনা বিফল হোৱাত লোকসভাৰ অধ্যক্ষ পদত নিৰ্বাচন অনুষ্ঠিত হ’ব। এন ডি এয়ে বিজেপিৰ সাংসদ ওম বিৰলাক প্ৰাৰ্থী হিচাপে বাছি লোৱাৰ বিপৰীতে বিৰোধীয়ে প্ৰবীণ কংগ্ৰেছ নেতা কে সুৰেশক প্ৰক্ষেপ কৰাৰ সিদ্ধান্ত লয়৷বুধবাৰে পুৱা ১১ বজাত অধ্যক্ষ পদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব।কংগ্ৰেছ নেতা কে চি ভেনুগোপালে প্ৰতিৰক্ষা মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা ৰাজনাথ সিঙক সাক্ষাৎ কৰি কয় যে চৰকাৰে বিৰোধীক উপাধ্যক্ষ পদ দিবলৈ অস্বীকাৰ কৰাৰ ফলত বিৰোধীয়ে বিৰালাৰ বিৰুদ্ধে কে সুৰেশক থিয় কৰায়।ইয়াৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয় যে পৰম্পৰা মানি চলি উপাধ্যক্ষৰ পদ বিৰোধী দলক দিলে বিৰোধীয়ে লোকসভাৰ অধ্যক্ষৰ পদৰ ক্ষেত্ৰত চৰকাৰক সমৰ্থন কৰিব। যদি উপাধ্যক্ষৰ পদ বিৰোধীক দিয়া হয় তেতিয়া অধ্যক্ষৰ পদত সমগ্ৰ বিৰোধীয়ে চৰকাৰক সমৰ্থন কৰিব বুলি কয় ৰাহুল গান্ধীয়ে৷

