গুৰু দুজনাৰ সৃষ্টিৰাজিক জীয়াই ৰখাৰ লগতে নৱপ্ৰজন্মৰ আগত চিনাকি কৰাই দিয়াৰ উদ্দেশ্য আগত ৰাখি গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত এক সুন্দৰ প্ৰয়াসেৰে শিৱসাগৰ জিলা সত্ৰ মহাসভাৰ বিষয়ববীয়াৰ লগতে সত্ৰীয়া সংস্কৃতি বিকাশ কেন্দ্ৰ শ্ৰীশ্ৰী কাৱৈমাৰী সত্ৰৰ উদ্যোক্তা সকলে যোৱা ৭জুলাইৰ পৰা পোন্ধৰ দিনীয়াকৈ অনুষ্ঠিত কৰিছে উঠা নামৰ কৰ্মশালা।গ্ৰীষ্ম বন্ধৰ সময়ছোৱাত শ্ৰীশ্ৰী কাৱৈমাৰী সত্ৰত অনুষ্ঠিত এই উঠা নামৰ কৰ্মশালাত অঞ্চলটোৰ ভিন্ন প্ৰান্তৰ কিশোৰ সকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে।

