নিউজডেক্স,২৪ নৱেম্বৰ, ২০২৪ : বিগত বহু বছৰ ধৰি নেটৱৰ্ক মাৰ্কেটিঙৰ দ্বাৰা অসমৰ চুকে কোণে বিভিন্ন দেশীয় আৰু বহুজাতিক কোম্পানীয়ে খাদ্য পুষ্টি বা খাদ্য সম্পূৰক ( ফুড নিউট্ৰেচন বা ফুড চাপ্লিমেণ্ট ) ৰ নামত ৰমৰমীয়া ব্যৱসায় চলাই আহিছে যদিও স্বাস্থ্য বিভাগ এই সনদৰ্ভত ৰহস্যজনক ভাবে নিমাতেে থকাহে পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে দেশৰ প্ৰচলিত আইনত খাদ্য পুষ্টিি বা খাদ্য সম্পূৰক আৰু ঔষধৰ মাজত সুস্পষ্ট প্ৰভেদ নথকাৰ সুযোগ লৈ এমৱে, ডেক্কান, আৰ এম চি , ভেষ্টিজ ইত্যাদি বিভিন্ন কোম্পানীৰ এজেণ্ট সকলে সৰ্বৰোগ বিশেষজ্ঞৰ ভূমিকাৰে ৰাজ্যখনত নগৰে চহৰে , গাৱেঁ ভূঞে সাধাৰণ ৰাইজৰ মাজত এই কোম্পানীবোৰৰ দ্বাৰা উৎপাদিত বিভিন্ন ধৰণৰ খাদ্য পুষ্টি বা সম্পূৰক সমূহৰ লগতে অনান্য হেল্থ কেয়াৰ দ্ৰব্য সমূহ বিক্ৰীৰ দ্বাৰা কোটি কোটি টকাৰ বৃহৎ ব্যৱসায় কৰি থকা পৰিলক্ষিত হৈছে ৷
ভাৰতবৰ্ষৰ ঔষধ আৰু প্ৰসাধন আইন ১৯৪০ ৰ মতে বিভিন্ন ধৰণৰ খাদ্য পুষ্টি বা খাদ্য পৰিপূৰক সমূহ ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড আইন (FSSI) ৰ আওতাৰ বাহিৰত আৰু এইবোৰক ঔষধ ৰূপেই গণ্য কৰা হয় ৷ আনহাতে ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানদণ্ড আইনৰ ২২ নংং ধাৰাৰ মতে বিভিন্ন ধৰণৰ খাদ্য পুষ্টি বা সম্পূৰক সমূহে কোনো ৰোগ আৰোগ্য বা উপশমৰ দাবী কৰিব নোৱাৰে যদিও সমগ্ৰ দেশৰ লগতে অসমৰ সৰ্বত্ৰে বিভিন্ন নিউট্ৰেচন বা হেল্থ কেয়াৰ কোম্পানীৰ সৰ্বৰোগ বিশেষজ্ঞৰ ভাও দিয়া আখৰেক গুৰু সদৃশ একাংশ লোকে নিৰ্বিঘ্নে সকলো ৰোগ আৰোগ্য বা উপশমৰ দাবীৰে বিভিন্ন ধৰণৰ নিউট্ৰেচনেল বা হেল্থ কেয়াৰ সামগ্ৰী বিক্ৰী কৰি আছে ৷ ৰাজ্য খনৰ বৰ্দ্ধিত নিবনুৱা সমস্যা আৰু দাৰিদ্ৰতাৰ সুযোগ লৈ এনি কোম্পানী সমূহে নগৰ বা গ্ৰামাঞ্চলৰ বহু শিক্ষিত আৰু স্বল্প শিক্ষিত নিবনুৱা যুৱক যুৱতী আৰু মহিলাক কম আয়াসতে ধনী হোৱাৰ প্ৰলোভন দি এজেণ্ট ৰূপে নিয়োগ কৰি কোম্পানী সমূহৰ হেল্থ কেয়াৰ আৰু নিউট্ৰেচনেল সামগ্ৰী সমূহ বিক্ৰীৰ এক বৃহৎ নেটৱৰ্ক গঢ়ি তোলা দেখা যায়৷ আৰু কিছুদিন পিছত কোম্পানীৰ এনে এজেণ্ট সকলেই স্বয়ম্ভু ডাক্তৰৰ ভূমিকা পালনেৰে সাধাৰণ ৰাইজৰ মাজত বিশেষজ্ঞ ৰূপে এনে সামগ্ৰী সমূহ বিক্ৰী কৰা পৰিলক্ষিত হয়৷ চৰকাৰী নীতি নিয়মক ভেঙুচালি কৰি সাধাৰণ ৰাইজক গিনিপিগ সজাই জনস্বাস্থ্যক লৈ হেতালি খেলা এনেধৰণৰ তথাকথিত হেল্থকেয়াৰ কোম্পানী সমূহক চৰকাৰে শীঘ্ৰেই নিয়ন্ত্ৰণ নকৰিলে অদূৰ ভৱিষ্যতে সাধাৰণ ৰাইজৰ বৃহৎ ক্ষতি সাধনৰ পূৰ্ণ আশঙ্কা আছে ৷


