প্ৰচলিত অন্ধবিশ্বাস,কুসংস্কাৰ আৰু ক্ষতিকাৰক পৰম্পৰা সমূহৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰি বৈজ্ঞানিক মানসিকতাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ্যৰে গঠিত বিজ্ঞান মনস্ক যাত্ৰা অসমে নাজিৰাৰ সুসন্তান,যুক্তিবাদী লেখক-গৱেষক শিৱনাথ বৰ্মনৰ মৃত্যু দিনটোত অৰ্থাৎ ১৫ ডিচেম্বৰত সমগ্ৰ ৰাজ্যতে বৈজ্ঞানিক চেতনা দিৱস উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি আজি তেখেতৰ দ্বিতীয় মৃত্যু বাৰ্ষিকীৰ দিনা গুৱাহাটীৰ খানাপৰাত কেন্দ্ৰীয় ভাবে এই দিৱস উদযাপন কৰাৰ সমান্তৰালভাবে নাজিৰাতো এই দিৱস উদযাপন কৰা হয়৷ এই উপলক্ষে বিজ্ঞান মনস্ক যাত্ৰা অসমৰ শিৱসাগৰ জিলা সমিতিৰ দ্বাৰা নাজিৰা নাট্য মন্দিৰত আয়োজিত তথা শিৱসাগৰ জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি যোগ গগৈৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা চক্ৰত বিশিষ্ট শিক্ষাবিদ দিলীপ ফুকনে মুখ্য আলোচক ৰূপে অংশগ্ৰহণ কৰি যুক্তিবাদী লেখক শিৱনাথ বৰ্মনৰ কৰ্মজীৱনৰ ওপৰত বিশদ ব্যাখ্যা আগবঢ়াই৷

