নিউজডেক্স,২৬ জানুৱাৰী,২০২৫ : ৭৬ সংখ্যক গণৰাজ্য দিৱস উপলক্ষে নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত আজি নাজিৰাৰ বৰবৰুৱা পুখুৰী পাৰত “ঐক্য সমাৰোহ” শীৰ্ষক এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়। সমজিলা আয়ুক্ত কণিকাই শুভ উদ্বোধন কৰা এই ঐক্য সমাৰোহতে নাজিৰাৰ ৬ জন জ্যেষ্ঠ নাগৰিক ক্ৰমে ঘন হাজৰিকা , জিতেন্দ্ৰ নাথ ফুকন, প্ৰভাত কুমাৰ বৰঠাকুৰ , উমা কোঁৱৰ, জৱাহৰ কুমাৰ লাচিত আৰু আয়েশা খাতুনক সম্বৰ্ধনা জনোৱা হয়।
উল্লেযোগ্য যে, তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া এই ঐক্য সমাৰোহত কেইবাটাও চৰকাৰী , বে – চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানে, থলুৱা ভাৱে উৎপাদিত খাদ্য, বস্ত্ৰ আদি প্ৰদৰ্শন কৰে।

