
পথটো বহুবছৰ ধৰি পৰিতক্ত অৱস্থাত আছে যদিও স্থানীয় দল-সংগঠনকে আদি কৰি ৰাইজৰ প্ৰৱল প্ৰতিবাদৰ ফলত পথটি BRO (Border Roads Organization) য়ে কিছুদিনৰ আগৰ পৰা পুনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰে। উল্লেখযোগ্য যে, বিহুবৰ, নাগিনীমৰা শিল উদ্যোগৰ লগত সংগতি ৰাখি পথটিয়েদি দিনে-নিশাই সীমাহীন ট্রাক-ডাম্পাৰ চলাচল কৰে যাৰ ফলত পথটিৰ নির্মাণত বিসংগতি হোৱাৰ লগতে নিৰ্মাণৰ সময়ো বাঢ়ি গৈছে। বিষয়টোৰ গুৰুত্ব বুজি নাজিৰা প্রশাসনেও NZR/MJ-09/144 Cr. PC/23/48 নং জানীৰ যোগেদি গধুৰ যান-বাহনৰ চলাচল সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছিল। কিন্তু সকলো নীতি নিয়ম উলংঘা কৰি ভূতৰ ওপৰত দানহ পৰাৰ দৰে পূৰ্বৰ সেই ছয় চকীয়া গাড়ীৰ লগতে ১৬-১৮ চকীয়া বাহনো পথটিৰ ওপৰেদি চলাচল কৰিবলৈ আৰম্ভ কৰাৰ ফলশ্রুতিত পথটিৰ লগতে স্থানীয় ৰাইজৰো যাতায়তৰ ক্ষেত্ৰত যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে। বৃহত্তৰ শিমলুগুৰি অঞ্চলৰ জনসাধাৰণৰ সুৰক্ষাৰ স্বার্থত ৰমনী আলি নিৰ্মাণৰ কাম সম্পূর্ণ নোহোৱা পর্যন্ত গধুৰ যান-বাহনৰ চলাচল বন্ধ কৰা আৰু ৰাজহুৱা স্বার্থজনিত বিষয়ত তেনে গাড়ী চলাবলগীয়া হলে সন্ধিয়া ৭ বজাৰ পিচতহে চলোৱাৰ ব্যৱস্থা কৰা, পথটিৰ ওপৰেদি চলাচল কৰিবলৈ আৰম্ভ কৰা ১৬-২০চকীয়া ডাম্পাৰৰ দৰে গধুৰ যান-বাহনসমূহৰ চলাচল সম্পূর্ণ ৰূপে বন্ধ কৰা,পথটিত চলাচল কৰা সকলো ধৰণৰ যান-বাহনৰ গতি নিয়ন্ত্রণ কৰিব পৰাকৈ গতিৰ উচ্চতম সীমা নির্ণয় কৰি ফলক লগোৱাৰ লগতে কঠোৰভাবে কার্যকৰী কৰাৰ ব্যৱস্থা কৰা,পথটিৰ ওপৰেদি চলাচল কৰা গধুৰ যান-বাহনৰ চালকসমূহৰ অনুজ্ঞাপত্ৰৰ বৈধতা নিয়মিতভাৱে পৰীক্ষা কৰা আদি দাবী সম্বলিত এখনি স্মাৰক পত্ৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, শিমলুগুৰি আঞ্চলিক সমিতিৰ তৰফৰ পৰা পৰিষদৰ জিলা সমিতিৰ উপ-সভাপতি অভিজিৎ গগৈ,শিমলুগুৰি আঞ্চলিক সমিতিৰ সভাপতি গোবিন্দ বৰগোঁহাই আৰু সাধাৰণ সম্পাদক দিপক চেত্ৰীৰসহিতে এটি প্ৰতিনিধি দলে নাজিৰা সম-জিলা আয়ুক্তক প্ৰদান কৰাৰ লগতে শীঘ্ৰেই এই সমস্যা সমাধান নহ’লে তীব্ৰ গণতান্ত্রিক প্ৰতিবাদৰ হুংকাৰ দিয়ে।

