
নিউজডেক্স ,৩১ মাৰ্চ,২০২৫: অসম দৰ্শন আঁচনিৰ অধীনত আজি নাজিৰা বৰবৰুৱা পুখুৰী পাৰত নাজিৰা সমজিলাৰ মুঠ ১৭৩ খন ধৰ্মানুষ্ঠানক অনুমোদন পত্ৰ বিতৰণ কৰা হয়। ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই নিৰ্বাচিত ধৰ্মানুষ্ঠান সমূহক অনুমোদন পত্ৰ বিতৰণ কৰে। তদুপৰি নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া, টাই আহোম উন্নয়ন পৰিষদৰ অধ্যক্ষ ময়ুৰ বৰগোহাঁইও আজিৰ এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উল্লেখ্য যে, অসমৰ চহকী সংস্কৃতি আৰু ঐতিহ্য সংৰক্ষণৰ উদ্দেশ্যে প্ৰণয়ন কৰা এই অসম দৰ্শন আঁচনিৰ অধীনত দুটা কিস্তিত মুঠ ৩ লাখ টকাকৈ অনুমোদন প্ৰদান কৰা হ’ব। আজি প্ৰথম কিস্তিৰ ধন হিচাপে ১.৫ লাখ টকাৰ অনুমোদন প্ৰদান কৰা হয়। আজিৰ এই অনুষ্ঠানত নাজিৰা, শিমলুগুৰি আৰু আমগুৰি পৌৰসভাৰ সভানেত্ৰী ক্ৰমে বৰ্ণালী চেতিয়া, কবিতা মেচ আৰু অনামিকা নেওঁগ বৈশ্য উপস্থিত থকাৰ লগতে উপাসনা স্থলী সমূহৰ পৰিচালনা সমিতিৰ সদস্য সকল আৰু বহু সংখ্যক স্থানীয় ৰাইজ উপস্থিত থাকে। 
