নিউজডেক্স,৩ এপ্ৰিল ২০২৫ : ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নাজিৰা সমজিলাৰ ২ খন আঞ্চলিক পঞ্চায়ত ক্ৰমে নাজিৰা আৰু আমগুৰি আঞ্চলিক পঞ্চায়তৰ অধীনত থকা ৪ খন জিলা পৰিষদৰ অন্তৰ্গত গাওঁ পঞ্চায়ত এলেকা সমূহত নিৰ্বাচনী আচৰণ বিধি ইতিমধ্যে বলবৎ হৈছে। এই উপলক্ষে আজি নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেলৰ আয়োজন কৰা হয়। নাজিৰাৰ সমজিলা আয়ুক্ত শ্ৰীমতী কণিকাই নাজিৰাত স্বছ আৰু নিকা ভাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে লোৱা কাৰ্যব্যৱস্থা সমূহৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে। সংবাদমেলত সমজিলা আয়ুক্তই জনাই যে, এইবাৰ পঞ্চায়ত নিৰ্বাচনত নাজিৰা সমজিলাত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ১৫৭৬৬৯ জন, ইয়াৰ ভিতৰত ৭৭৪৩৮ জন পুৰুষ আৰু ৮০২৩১ গৰাকী মহিলা ভোটাৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে এইবাৰ নাজিৰাৰ মুঠ ২৭ খন গাঁও পঞ্চায়তত মুঠ ২৮০ টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব । উল্লেখযোগ্য যে, ৰাজ্যিক নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি নাজিৰা সমজিলাত পঞ্চায়ত নিৰ্বাচন প্ৰথম পৰ্যায়ত অৰ্থাৎ ২ মে’ত অনুষ্ঠিত হ’ব। ২ মেৰ পুৱা ৭-৩০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ ভোটদান অনুষ্ঠিত কৰা হ’ব। ১১ মে’ৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হব। মনোনয়ন পত্ৰ ০৩ এপ্ৰিলৰ ৰ পৰা ১১ এপ্ৰিত তাৰিখৰ দিনৰ ১১ বজাৰ পৰা দিনৰ ৩ বজালৈ গ্ৰহণ কৰা হ’ব । ১২ এপ্ৰিল তাৰিখে মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰা হ’ব আৰু উক্ত দিনাই বৈধ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। প্ৰাৰ্থী সকলে ১৭ এপ্ৰিল তাৰিখে দিনৰ ৩ বজালৈ মনোনয়ন পত্ৰ সমূহ প্ৰত্যাহাৰ কৰিব পাৰিব।১৭ এপ্ৰিলৰ দিনৰ ৩ বজাৰ পাছত প্ৰতিদ্বন্দিতা কৰা চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব। গাঁও পঞ্চায়তৰ সদস্যৰ বাবে ব্যয়ৰ সৰ্ব্বোচ্চ সীমা ২৫,০০০ টকা, আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে ২,৫০,০০০ টকা আৰু জিলা পৰিষদৰ বাবে ১০,০০,০০০ টকা ধাৰ্য্য কৰা হৈছে বুলি সমজিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। উল্লেখ্য যে এইবাৰ বেলট পেপাৰৰ যোগেদি পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব ৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

