নিউজডেক্স,৩ এপ্ৰিল ২০২৫ : ৰাজ্যিক নিৰ্বাচন আয়োগে পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে নাজিৰা সমজিলাৰ ২ খন আঞ্চলিক পঞ্চায়ত ক্ৰমে নাজিৰা আৰু আমগুৰি আঞ্চলিক পঞ্চায়তৰ অধীনত থকা ৪ খন জিলা পৰিষদৰ অন্তৰ্গত গাওঁ পঞ্চায়ত এলেকা সমূহত নিৰ্বাচনী আচৰণ বিধি ইতিমধ্যে বলবৎ হৈছে। এই উপলক্ষে আজি নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত এক সংবাদমেলৰ আয়োজন কৰা হয়। নাজিৰাৰ সমজিলা আয়ুক্ত শ্ৰীমতী কণিকাই নাজিৰাত স্বছ আৰু নিকা ভাবে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ উদ্দেশ্যেৰে লোৱা কাৰ্যব্যৱস্থা সমূহৰ বিষয়ে সংবাদ মাধ্যমক অৱগত কৰে। সংবাদমেলত সমজিলা আয়ুক্তই জনাই যে, এইবাৰ পঞ্চায়ত নিৰ্বাচনত নাজিৰা সমজিলাত সৰ্বমুঠ ভোটাৰৰ সংখ্যা হৈছে ১৫৭৬৬৯ জন, ইয়াৰ ভিতৰত ৭৭৪৩৮ জন পুৰুষ আৰু ৮০২৩১ গৰাকী মহিলা ভোটাৰ। পঞ্চায়ত নিৰ্বাচনৰ বাবে এইবাৰ নাজিৰাৰ মুঠ ২৭ খন গাঁও পঞ্চায়তত মুঠ ২৮০ টা ভোট গ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হ’ব । উল্লেখযোগ্য যে, ৰাজ্যিক নিৰ্বাচন আয়োগৰ ঘোষণা অনুসৰি নাজিৰা সমজিলাত পঞ্চায়ত নিৰ্বাচন প্ৰথম পৰ্যায়ত অৰ্থাৎ ২ মে’ত অনুষ্ঠিত হ’ব। ২ মেৰ পুৱা ৭-৩০ বজাৰ পৰা বিয়লি ৪-৩০ বজালৈ ভোটদান অনুষ্ঠিত কৰা হ’ব। ১১ মে’ৰ পুৱা ৮ বজাৰ পৰা ভোটগণনা কৰা হব। মনোনয়ন পত্ৰ ০৩ এপ্ৰিলৰ ৰ পৰা ১১ এপ্ৰিত তাৰিখৰ দিনৰ ১১ বজাৰ পৰা দিনৰ ৩ বজালৈ গ্ৰহণ কৰা হ’ব । ১২ এপ্ৰিল তাৰিখে মনোনয়ন পত্ৰ সমূহ পৰীক্ষা কৰা হ’ব আৰু উক্ত দিনাই বৈধ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ’ব। প্ৰাৰ্থী সকলে ১৭ এপ্ৰিল তাৰিখে দিনৰ ৩ বজালৈ মনোনয়ন পত্ৰ সমূহ প্ৰত্যাহাৰ কৰিব পাৰিব।১৭ এপ্ৰিলৰ দিনৰ ৩ বজাৰ পাছত প্ৰতিদ্বন্দিতা কৰা চূড়ান্ত প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাব। গাঁও পঞ্চায়তৰ সদস্যৰ বাবে ব্যয়ৰ সৰ্ব্বোচ্চ সীমা ২৫,০০০ টকা, আঞ্চলিক পঞ্চায়ত সদস্যৰ বাবে ২,৫০,০০০ টকা আৰু জিলা পৰিষদৰ বাবে ১০,০০,০০০ টকা ধাৰ্য্য কৰা হৈছে বুলি সমজিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। উল্লেখ্য যে এইবাৰ বেলট পেপাৰৰ যোগেদি পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া সম্পন্ন কৰা হ’ব ৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

