নিউজডেক্স,১৬ এপ্ৰিল,২০২৫ : ভাৰতীয় ৰে’লৱেই বাবে প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয় ৰে’লৱেৰ অধীনত ভ্ৰমণৰ সময়ত যাত্ৰীৰ সুবিধা বৃদ্ধি কৰাৰ লক্ষ্যৰে পৰীক্ষামূলকভাৱে মুম্বাই–মানমদ পঞ্চৱতী এক্সপ্ৰেছৰ ভিতৰত স্বয়ংক্ৰিয় টেলাৰ মেচিন (এটিএম) স্থাপন কৰিছে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বুধবাৰে নিজৰ অফিচিয়েল এক্স একাউণ্টত এটা ভিডিঅ’ শ্বেয়াৰ কৰি এই পদক্ষেপৰ কথা ৰাজহুৱা কৰে। কেন্দ্ৰীয় ৰে’লৱেৰ মুখ্য জনসংযোগ বিষয়া স্বপ্নীল নীলাই কয়, ‘এই এটিএম বিশুদ্ধ পৰীক্ষামূলক ভিত্তিত পঞ্চৱতী এক্সপ্ৰেছত স্থাপন কৰা হৈছে। বেংক অৱ মহাৰাষ্ট্ৰৰ সৈতে অংশীদাৰিত্বৰে আৰম্ভ কৰা এই পদক্ষেপৰ ফলত যাত্ৰীসকলে যাত্ৰাৰ সময়ত নগদ ধন উলিয়াব পাৰিব।ভাৰতীয় ৰে’লৱেৰ ভূছাৱাল সংমণ্ডলৰ সৈতে অংশীদাৰিত্বৰে বেংক অৱ মহাৰাষ্ট্ৰৰ এই এটিএম শীততাপ নিয়ন্ত্ৰিত ডবা এটাৰ ভিতৰত সংস্থাপন কৰা হৈছে। উদ্ভাৱনীমূলক আৰু ভাড়াহীন ৰাজহ আহৰণ আঁচনি (আইএনএফআৰআইএছ)ৰ অধীনত কৰা এই প্ৰচেষ্টাৰ মূল লক্ষ্য হৈছে যাত্ৰীক সুবিধা উন্নত কৰাৰ লগতে ৰাজহ বৃদ্ধি কৰা। মুম্বাইৰ ছাত্রপতি শিৱাজী মহাৰাজ টাৰ্মিনাছ আৰু নাশিকৰ মনমদ জংচনৰ মাজত দৈনিক চলি থকা পঞ্চৱতী এক্সপ্ৰেছে প্ৰায় ৪ ঘণ্টা ৩৫ মিনিটত একমুখী যাত্ৰা সম্পূৰ্ণ কৰে। ৱাইফাইৰ পৰা আৰম্ভ কৰি নতুন প্ৰজন্মৰ ষ্টেচন , উন্নত খাদ্য সেৱা আৰু শেষতীয়াকৈ এটিএমৰ এই সংযোজনে বৰ্দ্ধিত আৰু ব্যৱহাৰকাৰী-বন্ধুত্বপূৰ্ণ সমাধান আগবঢ়াই যাত্ৰীক উন্নত সা-সুবিধা যোগান ধৰাৰ প্ৰতি থকা ভাৰতীয় ৰেলৱেৰ দায়বদ্ধতাকেই প্ৰতীয়মাণ কৰিছে ৷ এই এটিএমসমূহ এচি ডবাত সংস্থাপন কৰা হৈছে যদিও আন যাত্ৰীসকলেও ইয়াৰ সুবিধা গ্ৰহণ কৰিব পাৰিব।
চমুকৈ ক’বলৈ গ’লে —
মুম্বাই-মনমাদ পঞ্চৱতী এক্সপ্ৰেছ ৰেলত প্ৰৱৰ্তন কৰা হৈছে দেশৰ প্ৰথম এ টি এম
ৰে’লত এটিএমৰ সম্ভাৱনীয়তা পৰীক্ষাৰ বাবে এই পাইলট প্ৰগ্ৰেম হাতত লোৱা হৈছে৷
এটিএম সেৱাৰ কিছুমান মূল সুবিধা:
নগদ ধনৰ সহজ সুবিধা: ভ্ৰমণকাৰীসকলে আৰু ভ্ৰমণত ধন শেষ হোৱাৰ চিন্তা কৰিব নালাগে। উন্নত সুবিধা : বিশেষকৈ জৰুৰীকালীন অৱস্থাত বা বেংকিং সুবিধা সীমিত দূৰৱৰ্তী স্থানলৈ যাত্ৰা কৰাৰ সময়ত উপযোগী। উন্নত নিৰাপত্তা: যিহেতু নিৰাপদ পৰিৱেশত নগদ ধন উলিওৱা হৈছে, গতিকে ইয়াৰ ফলত বৃহৎ পৰিমাণৰ ধন কঢ়িয়াই নিয়াৰ ক্ষেত্ৰত হোৱা বিপদ কম হয়। যদিহে এই পাইলট প্ৰজেক্টটো ভাল হয় তেন্তে অদূৰ ভৱিষ্যতে ভাৰতীয় ৰে’লৱেই অতিৰিক্ত পথ আৰু ৰে’লত এই সেৱা প্ৰৱৰ্তন কৰাৰ সম্ভাৱনা আছে।
প্ৰথমবাৰৰ বাবে ভাৰতীয় ৰে’লৱেই এখন ৰে’লৰ ভিতৰত এটিএমৰ ব্যৱস্থা কৰিছে, যাৰ ফলত মুম্বাই-মনমাদ পঞ্চৱতী এক্সপ্ৰেছৰ যাত্ৰীসকলে যাত্ৰাৰ সময়ত নগদ ধন উলিয়াব পাৰিব। যাত্ৰাৰ সময়ত নগদ ধনৰ প্ৰয়োজন হ’ব পৰা যাত্ৰীসকলৰ বাবে যাত্ৰা সুবিধাজনক কৰি তুলিবলৈ কেন্দ্ৰীয় ৰে’লৱেই এই সেৱা প্ৰৱৰ্তন কৰিছে।