
নিউজডেক্স,২৫ এপ্ৰিল,২০২৫ : যোৱা ২২ এপ্ৰিলত জম্মু কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে যি হত্যালিলা চলালে ইয়াক চি পি আইয়ে তীব্ৰ গৰিহণা আৰু নিন্দা জনাই নাজিৰাত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে৷ চি পি আইৰ কৰ্মকৰ্তা সকলে সন্ত্ৰাসবাদ নিপাত যাওক, সকলো ধৰ্মীয় মৌলবাদী নিপাত যাওক,নিৰীহৰ ওপৰত তেজৰ ফাকু খেলা কাপুৰুষহঁত হুচিয়াৰ, সাধাৰণ জনতাক নিৰাপত্তা দিব নোৱাৰা মোদী চৰকাৰ হায় হায়, ব্যৰ্থতা স্বীকাৰ কৰি গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে শীঘ্ৰে পদত্যাগ কৰক, সাধাৰণ জনতাৰ ওপৰত বৰ্বৰ আক্ৰমণ চলোৱা সকলো সন্ত্ৰাসবাদীক নিশেষ কৰক,ইত্যাদি শ্ল’গান দি নাজিৰাৰ নাট্যমন্দিৰ সন্মুখত এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে ৷ প্ৰতিবাদস্থলিত উপস্থিত থাকি চি পি আইৰ ৰাজ্যিক সম্পাদক তথা ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য কনক গগৈয়ে পেহেলগামৰ সন্ত্ৰাসবাদী কাণ্ডক তীব্ৰ গৰিহণা দিয়ে আৰু ইয়াৰ সৈতে জড়িত সকলক কঠোৰ প্ৰত্যুত্তৰ দিবৰ বাবে চৰকাৰক আহ্বান জনাই চৰকাৰে যি সিদ্ধান্ত গ্ৰহণ কৰে তাৰ প্ৰতি চি পি আইয়ে পূৰ্ণ সমৰ্থন আগবঢ়োৱাৰ কথা উল্লেখ কৰে ৷ সকলো ধৰ্মীয় মৌলবাদক নিশেষ কৰিবৰ বাবে কনক গগৈয়ে চৰকাৰক দাবী জনাই কয় যে সন্ত্ৰাসবাদৰ নিদিষ্ট ধৰ্ম নাথাকে যদিও ধৰ্মীয় মৌলবাদী সকলেই এটা সময়ত সন্ত্ৰাসৰ আশ্ৰয় লয় যিটো কথা সকলোৱে জ্ঞাত ৷ যিবিলাক চুবুৰীয়া দেশে সন্ত্ৰাসবাদী সকলক আশ্ৰয় দি এনে কাৰ্যসমূহক উৎসাহ দি আহিছে তেওঁলোককো সমূচিত প্ৰত্যুত্তৰ দিবলৈ তেওঁ চৰকাৰক দাবী জনায় ৷ কনক গগৈয়ে লগতে পেহেলগামত হোৱা চোৰাংচোৱা ব্যৰ্থতা আৰু নিৰাপত্তা ব্যৱস্থা শিথিল হোৱা কাৰ্যকো চৰকাৰৰ দুৰ্বলতা বুলি কয় আৰু এই ব্যৰ্থতা স্বীকাৰ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ পদত্যাগৰ দাবী কৰাৰ লগতে প্ৰাক্তন সেনা বিষয়া একাংশই সেনাবাহিনীৰ লাখ লাখ খালী পদ কিয় আজিও পূৰণ কৰা নাই বুলি চৰকাৰক কৰা প্ৰশ্নৰ উত্তৰো চৰকাৰে দেশবাসীক দিব লাগিব বুলি কয় ৷ প্ৰতিবাদস্থলিত চি পি আইৰ জিলা সম্পাদক মণি বুঢ়াগোহাঁই আৰু নাজিৰা মহকুমা সম্পাদক যোগেন চেতিয়া, এ আই ৱাই এফৰ ৰাজ্যিক সম্পাদক অজয় বড়াকে ধৰি ভালেকেইজন কৰ্মকৰ্তা আৰু স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে ৷

