
নিউজডেক্স,২৫ এপ্ৰিল,২০২৫ :নাজিৰা প্ৰেছ ক্লাৱত আজি সন্ধিয়া এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাৰত বৰ্ষৰ ভূ-স্বৰ্গ স্বৰূপ কাশ্মীৰত ২২ এপ্ৰিলৰ দুপৰীয়া সন্ত্ৰাসবাদীয়ে চলোৱা নিৰ্বিচাৰ গুলীচালনাত নিহত হোৱা ২৮ গৰাকীকৈ দেশী-বিদেশী পৰ্য্যটকলৈ বন্তি প্ৰজ্বলন আৰু নিহত সকলৰ প্ৰতিচ্ছবিৰ সমুখত পুষ্পমাল্য যাচি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় । সভাপতি ভাস্কৰজ্যোতি বৰগোহাঁইৰ সঞ্চালনাত নাজিৰা প্ৰেছ ক্লাৱৰ সাহিত্য আৰু সাংস্কৃতিক সম্পাদক ধীৰেণ ফুকন, সাংগঠনিক সম্পাদক মুনীন্দ্ৰনাথ শইকীয়া, উপদেষ্টা খাইৰুল হাছানে বৰ্ব্বৰোচিত কাণ্ডৰে ধৰ্মান্ধ হৈ মানুহক হত্যা কৰাৰ ভূমিকাত সিদ্ধহস্ত সন্ত্ৰাসবাদীক কোনো সমাজ অথবা মানুহৰ ধৰ্মই স্থান নিদিয়ে বুলি কোৱাৰ লগতে পাক সমৰ্থিত ধৰ্মান্ধ সন্ত্ৰাসবাদীয়ে চলোৱা এনে নৰসংহাৰৰ পাচত সন্ত্ৰাসৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ এতিয়া প্ৰতিজন নাগৰিক চৰকাৰৰ সহযোগী হৈ ৰ’ব বুলি কয় । নাজিৰা প্ৰেছ ক্লাবে সম্প্ৰতি ছচিয়েল মিডিয়াত পেহেলগাম হত্যাকাণ্ডৰ গয়না লৈ অত্যুক্তি কৰা আৰু জাতি জন-গোষ্ঠী আৰু ধৰ্মৰ নামত শ্লেষাত্মক বাক্যৰ প্ৰয়োগত নিৰীক্ষণ ৰাখিবলৈ চৰকাৰলৈ আহ্বান জনোৱাৰ লগতে ভাৰতবৰ্ষৰ অখণ্ডতা ৰক্ষাত গুৰুত্ব দিবলৈ আহ্বান জনায় । এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ অন্তত কাৰ্য্যসূচীৰ সামৰণি পৰে ।

