


নিউজডেক্স,৫ মে’ ২০২৫ :নাজিৰাৰ মেজেঙ্গাত আজি পুৱাই সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুর্ঘটনাত থিতাতে নিহত দুজন ব্যক্তি , ইয়াৰে এজন গেলেকীৰ নামদঙীয়া গাঁৱৰ যতীন শইকীয়া আৰু আনজন ন-কচাৰীৰ পূৰ্ণ তামুলী ৷ যতীন শইকীয়াৰ পুত্ৰৰ বিয়াৰ দৰাৰ লগত গৈছিল গড়গাঁৱৰ এজন ব্যক্তি ৷ কইনা আনি ঘৰ সোমোৱাৰ পিছত আলহী থবলৈ গড়গাঁৱলৈ গৈছিল যতীন শইকীয়া৷গড়গাঁৱৰ পৰা ঘুৰি অহাৰ পথত পুৱা প্ৰায় ৪ বজাত মেজেঙ্গাৰ হুদুপাৰত দুর্ঘটনাত পতিত হয় তেওঁলোকৰ বাহন৷

