নিউজডেক্স,২৯ মে’ ২০২৪: কালি ৰাজ্যিক কেবিনেটে বৰপেটা, ধুবুৰী. গোৱালপাৰা, দক্ষিণ শালমৰা, মৰিগাঁও , নগাওঁকে ধৰি কেইবাখনো জিলাত থকা খিলঞ্জীয়াক নিজৰ সুৰক্ষাৰ বাবে মৰণাস্ত্ৰ দিয়াৰ যি অনুমতি প্ৰদান কৰিছে ইয়াক চি পি আইয়ে তীব্ৰ বিৰোধীতা কৰি চৰকাৰক এইক্ষত্ৰত পুনৰ বিবেচনা কৰিবলৈ দাবী জনায় ৷ আজি নাজিৰাত অনুষ্ঠিত এক সংবাদমেলত চি পি আই ৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে কয় যে এই সিদ্ধান্ত হিতে বিপৰীত হোৱাৰ সম্ভাৱনা আছে ৷ এই মৰণাস্ত্ৰ সমূহ অপপ্ৰয়োগ কৰাৰ পূৰ্ণ সম্ভাৱনা থাকাৰ লগতে ই সামগ্ৰিক পৰিৱেশ উত্তেজনাময় কৰি তোলাৰ আশঙ্কা আছে আৰু কোনো লোকে অসৎ উদ্দেশ্য পূৰণ কৰিবলৈ আইন উলংঘা কৰাৰ সম্ভাৱনীয়তাকো নুই কৰিব নোৱাৰি ৷ কনক গগৈয়ে এই সিদ্ধান্ত ল’ব লগা হ’ল কিয় বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি মৰণাস্ত্ৰ ল’বলৈ দিয়া অনুমতিৰে ৰাজ্য চৰকাৰে নিজৰ ব্যৰ্থতাকে প্ৰমাণিত কৰা বুলি কয় ৷ তেওঁৰ মতে এখন চৰকাৰৰ প্ৰধান দ্বায়িত্ব আৰু কৰ্তব্য হৈছে জনগণৰ জীৱন সম্পত্তি নিৰাপত্তা সুনিশ্চিত কৰা , চৰকাৰে যদি জনতাক সুৰক্ষা দিব নোৱাৰিম বুলি আশংকা প্ৰকাশ কৰিছে তেন্তে তেওঁলোকৰ গৃহ আৰু বিয়াগোম আৰক্ষী বিভাগটো কিয় আছে বুলি চৰকাৰক প্ৰশ্ন কৰি গগৈয়ে মুখ্যমন্ত্ৰীয়ে আইনগত আৰু নীতিগত ভাৱে খিলঞ্জীয়াক সুৰক্ষা দিয়াটো নিশ্চিত কৰা , ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰা আৰু অসমক ৩৭০ আৰু ৩৭১ (ক) অনুচ্ছেদৰ জৰিয়তে বিশেষ ৰাজ্য মৰ্যাদা দিবৰ বাবে দাবী জনায় ৷আনহাতে পুলিছে বিদেশী বুলি সন্দেহ কৰি ৰাতি ঘৰৰ পৰা উঠাই আনি কিছু লোকক হাৰাশাস্তি কৰা কাৰ্যৰ তীব্ৰ বিৰোধীতা কৰি চি পি আই দলে মানৱীয়তা দৃষ্টিভংগীৰে আইনগতভাৱে বিদেশী গ্ৰেপ্তাৰ কৰি বহিস্কৰণৰ কৰা আৰু চৰকাৰে বাংলাদেশৰ সৈতে প্ৰত্যাৰ্পণ চুক্তি কৰি ১৯৭১ চনৰ মাৰ্চৰ পাছত অহা সকলো ধৰ্মাৱলম্বী অবৈধ বিদেশীক বিধিগতভাৱে বহিস্কাৰৰ দাবী জনায় ৷ইয়াৰোপৰি মুখ্যমন্ত্ৰীয়ে নিবনুৱা সমাজক প্ৰতাৰণা কৰি দেশত সনাতন প্ৰতিষ্ঠা হ’লেহে নিবনুৱা সমস্যা সমাধান হ’ব আৰু দেশ হিন্দু হৈ গ’লে বহু সমস্যা সমাধান হৈ যাব বুলি কৈ ৰাজ্যখনৰ বৰ্তমানৰ ৩৬৪৬৬৯৫ জন পঞ্জীয়নভূক্ত নিবনুৱাক চুড়ান্তভাৱে প্ৰতাৰণা কৰি মুখ্যমন্ত্ৰীয়ে বছৰি একলাখকৈ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰতি দিয়াৰ বিপৰীতে বাস্তৱত এক লাখ ২০ হাজাৰহে নিযুক্তি দিছে বুলি কৈ কনক গগৈয়ে এই বৃহৎ মানৱ সম্পদক সুব্যৱহাৰ কৰি ৰাজ্যখনক বিকাশশীল ৰাজ্যলৈ পৰিণত কৰিবৰ বাবে বাস্তৱ পদক্ষেপ গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনায় ৷ আনহাতে অহা ৩১ মে’ আৰু ১ জুন তাৰিখে নাজিৰা নগৰত চি পি আই দলৰ ত্ৰিবাৰ্ষিক শিৱসাগৰ জিলা অধিৱেশনখন অনুষ্ঠিত হোৱৰ লগতে ইয়াৰ সৈতে সংগতি ৰাখি ৩১ মে’ শনিবাৰে দিনৰ ১২ বজাত অনুষ্ঠিতব্য মুকলি সভাত বিশিষ্ট আইনবিদ শান্তনু বৰঠাকুৰ আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰিব বুলি কৈ কনক গগৈয়ে সকলো দৰদী তথা বাওঁ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ, প্ৰগতিশীল লোকক উক্ত মুকলি সভালৈ নিমন্ত্ৰণ জনায় ৷
Breaking News
- ঢাল তৰোৱাল বিহীন নিধিৰাম চৰ্দাৰত পৰিণত হল অসমৰ সমজিলা সমূহ : কোনো সমজিলাতে নাই নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়
- নাজিৰা ৰাজহ চক্ৰত অনলাইন প্ৰৱঞ্চকৰ দৌৰাত্ম্য : ৰাজহুৱা স্বাৰ্থত নাজিৰা থানাত এজাহাৰ দাখিল
- নাজিৰা–শিমলুগুৰিত ভেজাল পনিৰ ব্যৱসায়ৰ অভিযোগ : নিদ্ৰাৰত খাদ্য আৰু অসামৰিক যোগান বিভাগ
- असम विधानसभा चुनावों की हुई घोषणा – 9अप्रेल को एक चरण में होगा 126सींटों के लिए मतदान 4मई को मतगणना
- অসম বিধানসভাৰ নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে : অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ
- নাজিৰা বিধানসভা সমষ্টিত ভূমি পট্টা বিতৰণ
- অসম অৰুণাচল সীমান্তৰ্বতী সাপেখাতীৰ হোলোঙামৰা গাঁওত এটুপি পানীৰ বাবে হাহাঁকাৰ কৰিছে ৰাইজে
- গাঁৱৰ প্ৰাকৃতিক পৰিবেশত আলি আই লৃগাঙ উদযাপনৰ আহ্বান জনালে অৱন্তী পামেগাম চেতিয়াই

