
নিউজডেক্স,৩১ম’ ২০২৫: আজি নাজিৰাৰ লিগিৰী পুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়ত দীৰ্ঘদিনৰ অপেক্ষাৰ অন্ত পেলাই কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই শুভউদ্বোধন কৰিলে তিনিখন বিচনাৰ সৈতে তিনিটাকৈ ডায়েলাইচিছ মেচিন। স্বাস্থ্যৰ ক্ষেত্ৰত এই সংযোজনে নাজিৰাৰ ৰোগী সকলক কিছু সকাহ দিব বুলি ৰাইজে আশা কৰিছে। ইফালে নাজিৰাত চিকিৎসকৰ দীৰ্ঘদিনীয়া অভাৱৰ পিছত শিৱসাগৰ জিলাত মুঠ ১৪জনকৈ নতুন চিকিৎসক নিযুক্তি দিয়া হৈছে বুলি সংবাদ মাধ্যমৰ আগত জানিব দিয়ে মন্ত্ৰী গৰাকীয়ে। আনহাতে প্ৰদেশ কংগ্ৰেছৰ নৱনিৰ্বাচিত সভাপতি গৌৰৱ গগৈও আজি সন্ধিয়া নাজিৰাত নগৰত উপস্থিত হোৱাৰ কথা আৰু একেদিনাই কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই নাজিৰাত তিনিখন বিচনাৰ সৈতে তিনিটাকৈ ডায়েলাইচিছ মেচিনৰ শুভউদ্বোধন কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে৷

