

নিউজডেক্স,১জুন,২০২৫ : যোৱা ৩১ মে’ৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে নাজিৰাৰ এম চি ক্লাৱত অনুষ্ঠিত হোৱা চি পি আইৰ ২২ সংখ্যক ত্ৰিবাৰ্ষিক শিৱসাগৰ জিলা সন্মিলনৰ আজি পৰিসমাপ্তি ঘটে ৷ জিলা সহকাৰী সম্পাদক তথা যুৱ নেতা অনুপ গগৈয়ে আঁত ধৰা সন্মিলনৰ আৰম্ভণিতে চি পি আইৰ জেষ্ঠ নেতা ধীৰেন গগৈয়ে বৃক্ষ ৰূপন কৰাৰ পিছতে কেইবাশ ৰাইজে নাজিৰা নগৰত এক সাংস্কৃতিক শোভাযাত্ৰা কৰে৷ জিলা সম্পাদক মণি বুঢ়াগোহাঁইয়ে আদৰণি ভাষণ আৰু জেষ্ঠ কমিউনিষ্ট নেতা তথা ৰাজ্যিক নিয়ন্ত্ৰণ আয়োগৰ সভাপতি ধৰ্ম বৰুৱাই উদ্বোধনী ভাষণ দিয়ে ৷ জেষ্ঠ কমিউনিষ্ট নেতা, বিশিষ্ট সমাজকৰ্মী অতুল গগৈয়ে পৌৰহিত্য কৰা মুকলি সভাত নিদিষ্ট বক্তা হিচাপে চি পি আইৰ নেতা কনক গগৈয়ে ৰাজ্য আৰু দেশৰ আৰ্থ- ৰাজনৈতিক পৰিস্থিতিৰ সম্পৰ্কত আলোকপাত কৰি কয় যে দেশে এক জটিল সন্ধিক্ষণত উপনীত হৈছে , বাৰে বাৰে দেশৰ সংবিধান আৰু গণতন্ত্ৰক ভেঙুচালি কৰি এন ডি এ চৰকাৰে দেশ পৰিচালনা কৰিবলৈ চেষ্টা কৰিছে , দেশক কেৱল হিন্দু সংস্কৃতি, হিন্দী ভাষা আৰু হিন্দু ধৰ্মই প্ৰাধান্য পাব লাগিব বুলি শ্ল’গান দি বিভিন্ন ধৰ্মাৱলম্বী বহু ভাষাভাষী বহু সংস্কৃতিয়ে নিমজ্জিত হৈ থকা দেশৰ বহুত্ববাদক নস্যাৎ কৰি সংবিধানৰ ধৰ্মনিৰপেক্ষতাৰ পৰিকাঠামোক শেষ কৰিব বিচাৰিছে বিজেপিয়ে ৷ সকলো স্বতন্ত্ৰ সংস্থা যেনে নিৰ্বাচন আয়োগ, চি বি আই, আৰ বি আই, কেগ, সৰ্বোচ্চ ন্যায়ালয় আৰু প্ৰচাৰ মাধ্যমক প্ৰভাৱিত কৰি সাংবিধানিক অধিকাৰ সমূহক খৰ্ব কৰিছে বুলি কৈ তেওঁ দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক নস্যাৎ কৰি ৰাজ্যসমূহৰ ক্ষমতা হৰণ কৰি সকলো কেন্দীয়কৰণ কৰিবলৈ চেষ্টা কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দোষাৰূপ কৰে ৷ আনহাতে বিৰোধী শাসিত ৰাজ্যসমূহত ৰাজ্যপালে চৰকাৰ পৰিচালনা কৰাত অসুবিধা সৃষ্টি কৰি থকাটো অতিকে দুভাগ্যজনক বুলি কৈ ৰাজপালৰ পদটোকে বিলুপ্তি ঘটাবৰ বাবে চি পি আইয়ে দাবী উত্থাপন কৰে ৷ আনহাতে অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনৰ জ্বলন্ত সমস্যা সমূহ সমাধানত ব্যৰ্থ হৈ মানুহৰ মন অন্যফালে নিবৰ বাবে নতুন নতুন ইছ্যু সৃষ্টি কৰি জনগনক ব্যস্ত কৰি ৰখাৰ কথা কৈ কনক গগৈয়ে এনে প্ৰেক্ষাপটত সকলো বাওঁ গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ দল সমূহে সোনকালেই এক বিকল্প অৰ্থনৈতিক কৰ্মসূচীৰ জৰিয়তে বিশেষকৈ অসমত গৌৰৱ গগৈ, অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে একত্ৰিতভাবে বিৰোধী ঐক্যৰ ক্ষেত্ৰত মনোনিৱেশ কৰাৰ ভাল বুলি কয় ৷ অন্যথা বিজেপিক ক্ষমতাৰ পৰা আঁতৰ কৰাটো সহজ বুলি গগৈয় গুৰুত্বপূৰ্ণ মন্তব্য কৰে ৷

