
নিউজডেক্স,৫ জুন,২০২৫ :আজি বিশ্ব পৰিবেশ দিৱস। সমগ্ৰ ৰাজ্যৰ সমান্তৰাল ভাৱে শিৱসাগৰ বকতাৰ ৬৭৭নং পাৰিজাত প্ৰাৰ্থমিক বিদ্যালয়তো পালন কৰা হয় এই বিশ্ব পৰিবেশ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি গছপুলি ৰোপণ আৰু সজাগতামূলক সভা অনুষ্ঠিত হয়। তাৰোপৰি অ’-এন- জি- চি অসম সম্পদৰ অনুদানেৰে নিৰ্মাণ কৰা স্মাৰ্ট বৰ্ড আৰু শিশু উদ্যান খন আজি এই বিশ্ব পৰিবেশ দিনাই শিৱসাগৰ জিলা শিক্ষা বিষয়াৰ লগতে ONGCৰ কৰ্তৃপক্ষৰ উপস্থিতিত শুভ উদ্বোধন কৰা হয়।

