শিৱসাগৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ৰূদ্ৰসাগৰ নিবাসী ড° প্রফুল্ল চন্দ্ৰ কলিতা আৰু গৌৰীসাগৰ উচ্চতৰ মাধ্যমিক ইণ্ডাষ্ট্রিয়েল ইন্সটিটিউটৰ বিজ্ঞান শিক্ষয়িত্রী বেবী কলিতাৰ জ্যেষ্ঠ কন্যা প্রত্যাশা কলিতাৰ সাফল্যই সমগ্ৰ শিৱসাগৰ জিলাবাসীক উৎফুল্লিত কৰিছে। প্রত্যাশাই বিশ্বৰ আগশাৰীৰ কোম্পানী গুগলত পাঁচটা পৰ্যায়ত অনুষ্ঠিত হোৱা সাক্ষাৎকাৰত সফলতাৰে উত্তীৰ্ণ হৈ আয়াৰলেণ্ডত SWE III (চফ্টৱেৰ ইঞ্জিনিয়াৰ) পদত নিযুক্তি লাভ কৰিছে। আয়াৰলেণ্ডত এমাজন কোম্পানীত আঢ়ৈ বছৰে চফ্টৱেৰ ডেভেলপমেন্ট ইঞ্জিনিয়াৰ পদত সফলতাৰে সেৱা আগবঢ়োৱা প্রত্যাশাই শেহতীয়াকৈ গুগলত নিযুক্তি লাভ কৰা বাতৰিয়ে সমগ্ৰ শিৱসাগৰ জিলাবাসীক আনন্দিত কৰি তুলিছে।

