নাজিৰা সাংবাদিক মঞ্চৰ উপদেষ্টা চৈয়দ খাইৰুল হাচান। নিপন বৰগোঁহাইয়ে আঁতধৰা আৰু নাজিৰা সাংবাদিক মঞ্চৰ সভাপতি মিণ্টু চিত্ৰকৰ, উপ-সভাপতি দিলীপ হাজৰিকাৰ যৌথ পৰিচালনাত অনুষ্ঠিত মুকলি সভাত নাজিৰাৰ কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ কুকিল কুমাৰ গগৈয়ে বিষ্ণু প্ৰসাদ ৰাভা সমাজৰ প্ৰতি আগবঢ়োৱা অৱদানৰ বিষয়ে আলোকপাত কৰে। ডাঃ গগৈয়ে বিষ্ণু ৰাভাৰ সহধৰ্মিনী মোহিনী ৰাভাৰ মুখেৰে শুনা বিষ্ণু ৰাভাৰ আদৰ্শ, ত্যাগ আৰু সংগ্ৰামৰ কথা উপস্থিত ৰাইজক অৱগত কৰে। নাজিৰা সমজিলাৰ তথ্য আৰু জনসংযোগ বিষয়া ড০ বৰ্ণালী দত্ত, নাজিৰাৰ বিশিষ্ট অনাতাঁৰ শিল্পী দিলীপ দাস , নাজিৰাৰ সংবাদকৰ্মী যদুমণি হাজৰিকাৰ লগতে জয়া কোঁৱৰে ৰাভা সংগীত পৰিবেশন কৰি অনুষ্ঠানটো জীপাল কৰি তোলে। উক্ত অনুষ্ঠানত নাজিৰা আদৰ্শ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভৱেন দাস, নাজিৰাৰ বিশিষ্ট সমাজকৰ্মী প্ৰশান্ত বৰঠাকুৰ, বিশিষ্ট সাংস্কৃতিক কৰ্মী তপন কলিতা, অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক সুনীল দাস, অনুসূচিত জাতি পৰিষদৰ নাজিৰা জিলা সমিতিৰ সভাপতি আৰু উপ সভাপতি ক্ৰমে অৰূপ দাস আৰু দিতুল দাস, অসম কোম্পানী লৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী জ্ঞানদেৱী পাও , শিক্ষয়িত্ৰী দিপাঞ্জলী শৰ্মাকে ধৰি বহুসংখ্যক ব্যক্তি উপস্থিত থাকে।

