
নিউজডেক্স,২০ জুন,২০২৫ : কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দিৱসৰ লগত সংগতি ৰাখি নাজিৰা প্ৰেছ ক্লাবে আজি বৰ্ষীয়ান সংগীত সাধক, শিল্পী পেঞ্চনাৰ ৰজনীকান্ত বড়াক স্বগৃহত সম্বৰ্ধনা জ্ঞাপন কৰে ৷ হাঁহচৰাৰ চূণপোৰা গোহাঁইৰ বড়া চুকত শিল্পী গৰাকীৰ বাসগৃহত উপস্থিত হৈ এখন সম্বৰ্ধনা পত্ৰ আৰু চেলেঙেৰে তেখেতক সম্বৰ্ধনা জনোৱা হয় ৷ প্ৰেছ ক্লাবৰ হৈ সভাপতি ভাস্কৰজ্যোতি বৰগোহাঁই,সম্পাদক নৱ বুঢ়াগোহাঁই,মুখপাত্ৰ ধ্ৰুৱজ্যোতি গগৈ আৰু নিবন্ধকাৰ ডিম্বেশ্বৰ দত্ত উপস্থিত থাকে ৷ তেখেতে পঁচান্নবৈ বছৰ বয়সত এতিয়াও অতীতক সুঁৱৰি সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে লাভ কৰা সান্নিধ্য আৰু সংগীতৰ যাত্ৰাত সুৰ-তাল-লয়ত সমভাগি হোৱা বহুজনৰ নাম উল্লেখ কৰে ৷ শেষত বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি কবিতাৰে ভাস্কৰজ্যোতি বৰগোহাঁয়ে সম্বৰ্ধনা অনুষ্ঠানটিৰ সামৰণি মাৰে ৷

