নিউজডেক্স,২৩ জুন,২০২৫ : নাজিৰা পৌৰসভাৰ অপৰিকল্পিত কাম কাজৰ বাবে এজাক বৰষুণতেই নগৰখন কৃত্ৰিম বানত জলমগ্ন হৈ পৰে৷ নাজিৰা নগৰৰ ৫,৮ আৰু ৯ নং ৱাৰ্ডৰ বাসিন্দাসকল দীৰ্ঘদিন ধৰি কৃত্ৰিম বানৰ সমস্যাত ভূগি এই সমস্যা সমাধানৰ বাবে উপযুক্ত নলা-নৰ্দমা নিৰ্মাণৰ বাবে পৌৰ কৰ্তৃপক্ষক বহু বছৰ ধৰি দাবী উণ্থাপন কৰি অহাৰ পিছত নাজিৰা নগৰৰ ৮নং ৱাৰ্ডত থকা উক্ত তিনিটা ৱাৰ্ডৰ পানী যোৱা জংচন ড্ৰেইন নিৰ্মাণৰ বাবে প্ৰায় আঠলাখ টকাৰ ঠিকা কাম নগৰখনৰ এজন বিজেপি দলৰ কৰ্মীক প্ৰদান কৰে৷ উল্লেখ্য যে যি স্থানত পৌৰ সভাই জংচন ড্ৰেইন নিৰ্মাণৰ ঠিকা প্ৰদান কৰিছে সেই স্থান অৰ্থাৎ নাজিৰা নগৰ মৌজাৰ ১১৭ নং পট্টাৰ ২০২ নং দাগৰ উক্ত ভূমি পৌৰ সভাৰ নহয় ,নাজিৰা নগৰৰ “চৈয়দ পৰিয়ালৰ”হে হয়৷ তেওঁলোকৰ কৃৰ্ষি ভূমি পৌৰসভাৰ দূষিত পানীয়ে প্ৰদূষিত কৰাৰ প্ৰতিবাদত উক্ত চৈয়দ পৰিয়ালৰ লোকে ক্ষতিপূৰণ বিচাৰি নাজিৰা পৌৰসভাত বহুবছৰ পূৰ্বে আবেদনো দাখিল কৰিছিল৷
বৰ্তমান ৰাইজৰ সুবিধাৰ্থে উক্ত স্থানত নৰ্দমা নিৰ্মাণৰ বাবে উক্ত পট্টাৰ পট্টাদাৰ সকলে বিনামূল্যে বহুমূলীয়া ভূমি এৰি দিছে যদিও এই নৰ্দমাৰে প্ৰবাহিত হোৱা প্ৰদূষিত পানী ক’ত পৰিবগৈ তাৰ কোনো নিৰ্দিষ্ট ঠিকনা বা পৰিকল্পনা নোহোৱাত বহু লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা এই জংচন ড্ৰেইন নিৰ্মাণৰ পিছতো কৃত্ৰিম বানৰ সমস্যা সমাধান হোৱাৰ আশা নাই৷
আনহাতে পৰিকল্পনা বিহীন ভাবে কেৱল আবণ্টিত ধন লুণ্ঠনৰ প্ৰয়াসেৰে অতি নিম্ন মানদণ্ডৰে দহ ফুটৰ পৰিবৰ্তে প্ৰায় দহ মিটাৰৰ দূৰত্বত কংক্ৰিটৰ পষ্ট দি নিৰ্মাণ কৰা জংচন ড্ৰেইনৰ পকী ৱাল নিৰ্মাণৰ দহ-বাৰ দিনৰ পিছতই এজাক পাতলীয়া বৰষুণত যোৱা ২২ জুনত খহি পৰে৷ এনেদৰে নিৰ্মাণৰত অৱস্থাতে ৱাল খহি পৰা ঘটনাই ঠিকাদাৰ আৰু পৌৰ কৰ্তৃপক্ষৰ লুণ্ঠনৰ মানসিকতাকেই প্ৰতিফলিত কৰিছে৷


