নিউজডেক্স,১১জুলাই,২০২৫ :দেশৰ জনতাৰ স্বাস্থ্য সুৰক্ষাৰ নামত কেন্দ্ৰ বা ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ অভিলাষী আঁচনি গ্ৰহণ কৰিছে যদিও আজিও দেশৰ ৮০% জনতাই খাদ্যৰ নামত শ্ল’পইজন ৰূপী বৰবিহ সেৱন কৰি থাকিবলগীয়া হোৱাটো অত্যন্ত পৰিতাপৰ কথা ৷ উল্লেখ্য যে দেশৰ জনতাৰ নিত্য ব্যৱহাৰ্য প্ৰতিটো খাদ্য সামগ্ৰীতেই বিভিন্ন ধৰণৰ মৰাত্মক ৰাসায়নিক দ্ৰব্য মিহলি হৈ থাকে ৷ উদাহৰণস্বৰূপে আমাৰ প্ৰায় প্ৰতিজন ব্যক্তিয়েই ৰাতিপুৱা শুই উঠাৰ পৰাই দিনটোত কেইবাবাৰো খোৱা ” চাহপানী”টোপাৰ কথাই কব পাৰি৷ ৭৬৫ খন বৃহৎ আৰু প্ৰায় এক লাখৰো অধিক মজলীয়া তথা সৰু সৰু চাহ বাগান থকা আমাৰ অসমে বছৰি প্ৰায় ৫৭০ মিলিয়ন কিলোগ্ৰামতকৈও বেছি চাহপাত উৎপাদন কৰে ৷ চাহ গছৰ অধিক উৎপাদনশীলতাৰ বাবে সৰু বৰ চাহ বাগান সমূহে অত্যাধিক পৰিমাণে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ কীটনাশক আৰু পুষ্টিবৰ্দ্ধক ৰাসায়নিক সাৰ সমূহৰ অৱশিষ্ট চাহপাতত ৰৈ যোৱাৰ হেতু আজিকালি স্বাস্থ্য সচেতন পশ্চিমীয়া বিশ্বকে ধৰি আন বহু দেশেও ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰা খাদ্য সামগ্ৰী বৰ্জ্জনৰ বিপৰীতে জৈৱিক(Organic) কৃষিক প্ৰাধান্য দিয়াৰ ফলত ভাৰতীয় চাহৰ বজাৰত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে যদিও আমাৰ সাধাৰণ ৰাইজে আজিও বিনাদ্বিধাই ৰাসায়নিক দ্ৰব্য মিশ্ৰিত চাহকে ধৰি আন বিভিন্ন এনে খাদ্যকেই গ্ৰহণ কৰি আছে ৷![]()
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

