
নিউজডেক্স,১২জুলাই,২০২৫: চৰাইদেউ জিলাৰ বিভিন্ন প্রান্তত আলফা (স্বা)ৰ বিৰুদ্ধে চৰাইদেউ জিলা আৰক্ষী প্ৰশাসনে তীব্ৰ অভিযান অব্যাহত ৰাখিছে। আলফা (স্বা) ৰ কাৰ্যকলাপৰ ওপৰত চোকা নজৰ ৰাখিছে আৰক্ষী প্রশাসনে। শেহতীয়াকৈ চৰাইদেউ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা চৰাইদেউ আৰক্ষী প্রশাসনে আলফাৰ লিংকমেন আটক কৰাৰ মাজতে স্বপ্ননীল বৰপাত্ৰ গোহাঁই নামৰ এজন যুৱকক শিৱসাগৰ নগৰৰ পৰা আলফাৰ লিংকমেনৰ সন্দেহত চৰাইদেউ আৰক্ষীয়ে আটক কৰিছে। আৰক্ষীয়ে জনোৱা অনুসৰি এই সন্দৰ্ভত চৰাইদেউ জিলাৰ মথুৰাপুৰ আৰক্ষী থানাৰ ২০/২৫ নম্বৰৰ এটা গোচৰৰ ভিত্তিত যুৱকজনক আটক কৰে। যুৱকজনক আজি আৰক্ষীয়ে চৰাইদেউ জিলাৰ ন্যায়িক আদালতত হাজিৰ কৰোৱাৰ অন্তত পুনৰ তিনিদিনৰ বাবে নিজৰ জিম্মাত লয়। সম্প্ৰতি মথুৰাপুৰ আৰক্ষী থানাত অভিযুক্ত যুৱক জনক ৰখা হৈছে।

