নিউজডেক্স,১৪জুলাই,২০২৫:শিৱসাগৰ হাঁহচৰা চাউদাং পথাৰত কৃষকে পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে৷পানীৰ অভাৱত কৃষিকাৰ্য্য কৰাত বহু অসুবিধাৰ সন্মুখীত হৈছে ৰাইজ৷ বহুদিন ধৰি বৰষুণ নোহোৱাত পথাৰত ছিৰাল ফাঁট দিছে৷
জলসিঞ্চনৰ ব্যৱস্থা আছে যদিও কাৰ্যক্ষম নহয় ১নং গভীৰ নলীনাদ প্ৰকল্প। জলসিঞ্চনৰ পানী ওলোৱা স্থান দখল কৰিছে গছ হাবি-বনে। বগাহাতীত পৰিণত হোৱা হাঁহচৰাৰ প্ৰতিটো জলসিঞ্চন প্ৰকল্পত নাই পানীৰ ব্যৱস্থা।আছে গৰু নাবাই হাল তাতোকৈ নথকাই ভাল, এই অসমীয়া খণ্ড বাক্যশাৰী আখৰে আখৰে প্ৰতিফলিত হৈছে শিৱসাগৰৰ হাঁহচৰাত। শাওন মাহ সমাগত; যি সময়ত কৃষকৰ ব্যস্ততাত পথাৰ ভৰি পৰিব লাগে সেই সময়ত আজি পথাৰ কৃষক শূন্য হৈ পৰা পৰিলক্ষিত হৈছে।এই অঞ্চলত শিৱসাগৰ জলসিঞ্চন বিভাগৰ ফালৰ পৰা বহুদিন পূৰ্বেই কেইবাটাও গভীৰ নলীনাদ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও বৰ্তমান এইসমূহ এলাগী হৈ পৰি থকা দেখা পোৱা গৈছে। পানী ওলোৱা স্থানত হাবি, বন আৰু বনৰীয়া গছৰ অৱস্থিতি পৰিলক্ষিত হৈছে । ৰাজ্যৰ বিয়াগোম জলসিঞ্চন বিভাগে কেতিয়ানো ৰাইজৰ খেতি পথাৰত পানীৰ যোগান ধৰিবলৈ সক্ষম হ’ব? পানীৰ অভাৱত কিমান দিন আৰু চন পৰি ৰ’ব আমাৰ কৃষকৰ পথাৰ ।কৃষকে ভাবি পাৰ নোপোৱা হৈছে৷ আনহাতে ৰাজ্যৰ অন্য স্থানটো বৰষুণৰ অভাৱত পথাৰত ছিৰাল ফাটঁ দিয়াত হতাশগ্ৰস্ত হৈ পৰিছে কৃষক৷বহুদিন ধৰি ৰাজ্যত বৰষুণ নোহোৱাত পথাৰত ছিৰাল ফাটঁ দিছে । খেতি ৰোৱাৰ বতৰ এই যায় যায় । ৰাজ্যৰ কৃষকে ভাবি পাৰ নোপোৱা হৈছে । বিজ্ঞান-প্ৰযুক্তিয়ে আকাশ চোৱাৰ সময়ত জলসিঞ্চনৰ অভাৱত পথাৰত পানীৰ বাবে এতিয়াও আমাৰ কৃষকে আকাশলৈ চাই থাকিবলগীয়া হোৱটো অত্যন্ত দুৰ্ভাগ্যজনক ! চৰকাৰী পৰিসংখ্যা অনুসৰি অসমৰ মুঠ মাটি কালি ৭৮.৪৪ লাখ হেক্টৰ,ইয়াৰ ভিতৰত ৪০.৮৭ লাখ হেক্টৰহে কৃষিভূমি আৰু অসমৰ মুঠ কৃষিভূমিৰ ২০ শতাংশই বান বা খৰাংপীড়িত৷ৰাজ্যৰ চৌদিশে অভাৰব্ৰীজ নিৰ্মাণৰ নামত হেজাৰ হেজাৰ কোটি খৰছ কৰা চৰকাৰৰ কৃষকৰ শস্য পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰি দিবলৈ টকাৰ অভাৱ !
সংবাদ মাধ্যমত কৃষক ৰাইজে বৰষুণৰ বাবে ভেকুলী বিয়া পতা ; পূজা-পাতল কৰা আদি অনুষ্ঠানৰ ব্যাপক প্ৰচাৰৰ বিপৰীতে ৰাজ্যৰ কৃষি অৰ্থনীতিৰ এইবোৰ সমস্যাক লৈ আলোচনা আৰু সমস্যা সমাধানৰ প্ৰতি সকলো যেন নিৰ্বিকাৰ৷ হিন্দু-মুছলমান ; গৰু-গাহৰি আদিক লৈয়ে পাৰ হৈ গৈছে সময় । কৃষক ৰাইজ আৰু সাধাৰণ মানুহৰ এইবোৰ সমস্যাই কোনোদিন ক’তো আলোচনাত ঠাই নাপায় । জনগণ

ৰ মৌলিক সমস্যাসমূহ সমাধানৰ বাবে যেন কাৰোৰে কোনো কৰণীয় নায়!