নিউজডেক্স,১৫জুলাই,২০২৫ : আজি নাজিৰাত অনুষ্ঠিত হোৱা চি পি আই দলৰ এক সংবাদ মেলত দলটোৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ৰাজ্যৰ বিভিন্ন ঠাইত স্বেচ্ছাচাৰীতাৰে যি অমানৱীয় উচ্ছেদ প্ৰক্ৰিয়া চলাই আছে এনে বৰ্বৰ কাৰ্য শীঘ্ৰে বন্ধ কৰক আৰু যদি উচ্ছেদ কৰিব লগা হয় তেন্তে তেওঁলোকক সৰ্বোচ্চ ন্যায়ালয়ৰ নীতি নিৰ্দেশনা মানি চলিহে বিকল্প সংস্থাপনৰ ব্যৱস্থা কৰি উচ্ছেদ কৰক ৷চৰকাৰে যদি অবৈধ বাংলাদেশী চিনাক্ত কৰিব পাৰিছে তেন্তে তেওঁলোকক বাংলাদেশৰ সৈতে বিদেশী বিতাৰণৰ চুক্তি কৰি গতাই দিয়াৰ ব্যৱস্থা কৰিবলৈও দাবী জনায় ৷ অমানৱীয় উচ্ছেদ কৰি পুনৰ ডেৰ কঠা ভূমি আৰু ৫০ হাজাৰ টকা প্ৰদান কৰি মুখ্যমন্ত্ৰীয়ে এইয়া স্ব-বিৰোধ কাম কৰিছে ৷ কাৰো বুজিবলৈ বাকী নাই যে মুখ্যমন্ত্ৰীয়ে প্ৰকৃততে আদানি আম্বানি আৰু ৰামদেৱকহে উক্ত মাটিবিলাক দিবলৈ তৎপৰ হৈছে ৷ সেয়ে ক’ৰ্পৰেট গোষ্ঠীক অসমৰ ভূমি গতাই দিয়াৰ প্ৰক্ৰিয়া হিমন্ত চৰকাৰে শীঘ্ৰে বন্ধ কৰক আৰু চৰকাৰৰ ব্যক্তিগতকৰণ নীতি সকলোকে বিৰোধীতা কৰিবলৈ চি পি আই দলে আহ্বান জনায় ৷ কিয়নো ৰাজ্যখনৰ জনগণৰ ভূমি কাঢ়ি লৈ কেতিয়াও অসমীয়াৰ জাতি মাটি ভেটি সুৰক্ষিত নহয় ৷বৰ্তমানে থকা চৰকাৰৰ ভূমি আইন সমূহৰ জৰিয়তে সকলো থলুৱা ভূমিহীন লোকক মাটি দিয়াৰ লগতে দখলীকৃত কৃষকক মাটিৰ পট্টা দিয়াৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় গগৈয়ে কয় যে যদি চৰকাৰে থলুৱা ভূমিহীন লোকক মাটি নিদিয়ে তেওঁলোকে চৰকাৰী ভূমি, VGR, PGR, বন ভূমি, খাচ মাটিত ঘৰবাৰী পাতি নাথাকি ক’ৰ ভূমিত বাস কৰিব ৷ এইয়া এখন চৰকাৰৰ ন্যুনতম দ্বায়িত্ব হয়নে নহয় বুলি মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰি তেওঁ কয় যে যদি আপোনাৰ পত্নীৰ নামত মাটি পায়, মন্ত্ৰী অশোক সিংঘাল, জয়ন্তমল্ল বৰুৱা আৰু অতুল বৰাকে ধৰি বিভিন্ন মন্ত্ৰী সকলে নিজৰ পৰিয়ালৰ নামত যে মাটি পায় বাকী থলুৱা অসমীয়াই ভেটি-মাটি নাপাব কিয়? বিৰোধী ঐক্যমঞ্চ দলসমূহৰ নেতৃত্বলৈ আহ্বান জনায় কনক গগৈয়ে কয় যে বৰ্তমান বিজেপি চৰকাৰে যি দৰে ৰাজ্য আৰু দেশ শাসন কৰিছে ইয়াৰ পৰা যদি জনতাক মুক্তি দিব লাগে তেন্তে আমি ঐক্যবদ্ধ হোৱাৰ কোনো বিকল্প নাই এইয়া হৈছে প্ৰথম কথা ৷ আমি কিয় ঐক্যবদ্ধ হ’ব বিচাৰিছোঁ এই সহজ যুক্তিটো বুজিবৰ বাবে সকলোকে আমি আহ্বান জনাইছোঁ ৷ আমি যিহেতু কোনো এটা দলেই অকলে বিজেপি মিত্ৰজোঁটক পৰাজিত কৰিব নোৱাৰোঁ সেয়ে বিৰোধীৰ সকলো শক্তি একগোট হোৱা উচিত৷ বিজেপিয়ে সাংগঠনিক ভাৱে একেবাৰে তলৰ পৰ্যায়লৈকে নিজৰ ভেটি মজবুত কৰি ৰাখিছে, ক’ৰ্পৰেট গোষ্ঠীৰ পৰা লাখ লাখ কোটি টকা পুঁজি সংগ্ৰহ কৰি আছে, সংবিধানক নস্যাৎ কৰি নিৰ্বাচন আয়োগ, চি বি আই, ই ডি, প্ৰচাৰ যন্ত্ৰ, প্ৰশাসন আদি সকলোতে প্ৰভাৱ বিস্তাৰ কৰি ৰাখিছে আৰু এনে এটা বৃহৎ শক্তিশালী মৰ্চাৰ বিৰুদ্ধে বিৰোধী শিবিৰে কিমান নিপুণভাৱে কূট কৌশল ৰচনা কৰিব লাগিব সেই কথবোৰ বিৰোধী ঐক্যমঞ্চই তাৎক্ষণিকভাৱে চিন্তাচৰ্চা কৰা উচিত ৷ বিজেপি নেতৃত্বাধীন মৰ্চা চৰকাৰৰ বিভাজনমুখী ৰাজনীতি আৰু সংবিধানৰ পৰিকাঠামোক ৰক্ষা কৰাৰ স্বাৰ্থত বিৰোধী ঐক্যবদ্ধ হ’বই লাগিব ৷ কেৱল নিৰ্বাচনমূখী কথাবোৰ আলোচনা কৰিলেই নহ’ব জনগণক বিভিন্ন প্ৰকাৰে কৰি থকা আক্ৰমণ বিলাকৰ বিৰুদ্ধে ঐক্যবদ্ধ ৰাজপথৰ সংগ্ৰামো গঢ়ি তুলিব লাগিব ৷ সকলো বিৰোধী নেতাই সংযমী হোৱাৰ লগতে এক নীতিগত বিকল্প সম্পৰ্কেও বাস্তৱসন্মত তথা জনগণৰ বিশ্বাসযোগ্য হোৱাকৈ এক কাৰ্যসূচী দাঙি ধৰিব লাগিব ৷ তেতিয়াহে বিৰোধী ঐক্যমঞ্চ সফল হ’ব পাৰিব বুলি কনক গগৈয়ে মত ব্যক্ত কৰে ৷ম্যানমাৰত আলফা পৰেশ বৰুৱাৰ গোটৰ শিবিৰত আক্ৰমণ কৰি চৰকাৰে আলফাৰ সৈতে আলোচনা পথ বন্ধ ৰাখিব বিচৰা কাৰ্যক বিৰোধিতা কৰি গগৈয়ে কয় যে চৰকাৰে আলফা সমস্যাটো আইন শৃংখলা সমস্যা হিচাপে গণ্য নকৰি ইয়াক ৰাজনৈতিক সমস্যা হিচাপে বিবেচনা কৰি একেসময়তে আলফা সৃষ্টি হোৱা কাৰণবিলাক চিনাক্ত কৰি ইবিলাকৰ নিৰ্মূলৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷ বৃহত্তৰ অসমীয়া জাতীয় সত্ত্বা ৰক্ষাৰ স্বাৰ্থতে ছয় জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰি অসমক ৩৭০ আৰু ৩৭১(ক) অনুচ্ছেদ অনুসৰি বিশেষ ৰাজ্য মৰ্যাদা দিবলৈও দাবী জনাই গগৈয়ে এই ক্ষেত্ৰত বৰ্তমানৰ জনজাতি সকলে ভৱিষ্যত অসমৰ স্বাৰ্থতে উমৈহতীয়া ভাবে ঐক্যমতত উপনীত হবৰ বাবে আহ্বান জনায় ৷ তেতিয়া অন্ততঃ বহিৰাগত বনিয়াই হওক অবৈধ বিদেশীয়ে হওক কোনেও অসমৰ ভূমিৰ ওপৰত অধিকাৰ সাব্যস্ত কৰিব নোৱাৰিব ৷ বৰ্তমান ৰাজ্যখনৰ বিভিন্ন জিলাত দেখা দিয়া খৰাং পৰিস্থিতি মোকাবিলা কৰিবলৈ জলসিঞ্চন বিভাগে সক্ষম নোহোৱা অৱস্থাই দম্ভালি মাৰি থকা চৰকাৰৰ ফোপোলা স্বৰূপটো উন্মোচিত কৰিছে বুলি কৈ কনক গগৈয়ে চৰকাৰক ৰাজ্যখনৰ সকলো পথাৰতে দুই তিনি তৰপীয়া খেতি কৰিব পৰাকৈ ব্যাপক জলসিঞ্চনৰ ব্যৱস্থা গঢ়ি তুলিবলৈ দাবী জনোৱাৰ লগতে গৰুখুটিৰ কৃষিপামৰ গৰু চোৰ কাণ্ড অথবা গৰুবিক্ৰী কাণ্ড কেলেংকাৰীৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষীসকলক শাস্তি দিবলৈও দাবী জনায় ৷
Breaking News
- নাজিৰাত বিগত পাঁচ বছৰত ১৪৫৯২.২১ মেট্ৰিক টন মাছ উৎপাদনৰ হাস্যকৰ দাবী মীন বিভাগৰ : বজাৰত আজিও থলুৱা মাছৰ অভাৱ
- নাজিৰা সমজিলা প্ৰশাসনৰ উদ্যোগত ৭৭ সংখ্যক গণৰাজ্য দিৱস উদ্যাপন
- প্ৰদূষণৰ প্ৰমাণ পত্ৰ অবিহনে শিৱসাগৰ,নাজিৰাত চলি আছে বহু ইটা ভাটা আৰু শিল ভঙা মেচিন : নিদ্ৰাৰত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ
- দিখৌ কন্যা এলি আহমেদৰ শাৰীৰিক অসুস্থতাত উদ্বিগ্ন নাজিৰা বাসী
- নাজিৰাত সমগ্ৰ শিক্ষা আঁচনিত ব্যাপক কেলেঙ্কাৰীৰ আশঙ্কা : সমগ্ৰ শিক্ষাৰ একো তথ্য নাই খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত
- যাত্ৰীৰ সুবিধাৰ্থে শিমলুগুৰি জংচনত অত্যাধুনিক অটমেটিক টিকট ভেণ্ডিং মেচিন ( এ টি ভি এম ) স্থাপন
- তিনিচুকীয়া ৰেল ষ্টেচন (পুৰণি)ত প্ৰস্ৰাৱাগাৰৰ দুৰাৱস্থাত যাত্ৰীৰ দুৰ্ভোগ : উদাসীন ৰেল বিভাগ
- চৰকাৰৰ অদূৰদৰ্শীতাৰ বাবেই প্ৰসহনত পৰিণত হ’ল নাজিৰাৰ বহুকোটি টকীয়া গাহৰিৰ মাংস প্ৰক্ৰিয়াকৰণ প্ৰকল্প :

