
নিউজডেক্স,১৮জুলাই,২০২৫:চৰাইদেউ জিলাৰ সাপেখাতী মৌজাৰ অসম -অৰণাচল সীমান্তবৰ্তী ভোগবাৰী লেকামপথাৰ গাঁৱৰ নিৱাসী সুজিৎ চাচা।এটি চাহ জনগোষ্ঠী পৰিয়ালৰ যুৱক সুজিৎ চাচায়ে প্ৰায় আঠ বছৰ বয়সৰ পৰাই চাহ গছৰ মূড়াকে ধৰি বিভিন্ন ধৰণৰ পৰিত্যক্ত গছ গছনিৰ সামগ্ৰীৰে জীৱ জন্তু,চৰাই চিৰিকটি কে ধৰি বিভিন্ন প্ৰকাৰৰ ভাস্কৰ্য শিল্প প্ৰস্তুত কৰি আহিছে। প্ৰচাৰ বিমুখ সুজিৎ চাচাৰ ইচ্ছা আছে যদিও অৰ্থৰ অভাৱত তেওঁ আগবাঢ়ি যাৱ পৰা নাই।বৰ্তমান চাচাই অৰ্থৰ অভাৱত পৰিত্যক্ত গছ গছনিৰ সামগ্ৰীত খুদিত শিল্পত ৰং-তেল দিবলৈ সক্ষম হোৱা নাই। বহু প্ৰতিভাধাৰী যুৱকজনজন অৰ্থৰ অভাৱত থমকি ৰবলৈ বাধ্য হৈছে। বৰ্তমান তেওঁ গৃহতে সহস্ৰাধিক বিভিন্ন ধৰণৰ ভাস্কৰ্য শিল্প প্ৰস্তুত কৰি আছে যদিও আজিও কোনোধৰণৰ চৰকাৰী সহাৰ্য লাভ কৰা নাই এই ভাস্কৰ্য শিল্পী জনে ৷

