
নিউজডেক্স,২১জুলাই,২০২৫:ভাৰতৰ উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে আজি সন্ধিয়া স্বাস্থ্যজনিত কাৰণত পদত্যাগ কৰে৷৭৪ বছৰীয়া উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰেৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰত ‘স্বাস্থ্যসেৱাক অগ্ৰাধিকাৰ দিবলৈ আৰু চিকিৎসকৰ পৰামৰ্শ মানি চলিবলৈ, সংবিধানৰ ৬৭(ক) অনুচ্ছেদ অনুসৰি, তৎক্ষণাত কাৰ্যকৰী হোৱাকৈ ভাৰতৰ উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছো।’- বুলি উল্লেখ কৰে৷পদত্যাগ পত্ৰত ধনখৰে ৰাষ্ট্ৰপতিগৰাকীৰ “অকুণ্ঠ সমৰ্থন”ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁলোকৰ কৰ্ম সম্পৰ্কক “প্ৰশান্তিদায়ক আৰু আচৰিত” বুলি অভিহিত কৰাৰ লগতে উপ-ৰাষ্ট্ৰপতি হিচাপে নিজৰ কাৰ্যকালৰ কথা স্মৰণ কৰি তেওঁ লিখিছে যে সকলো সন্মানীয় সাংসদৰ পৰা তেখেতে যি আস্থা আৰু মৰম পাইছিল, সেয়া তেখেতৰ বাবে এক অমূল্য সম্পদ আৰু ই আজীবন স্মৃতিত সজীৱ হৈ থাকিব।“মাননীয় প্ৰধানমন্ত্ৰী আৰু সন্মানীয় মন্ত্ৰী পৰিষদলৈ মোৰ গভীৰ কৃতজ্ঞতা প্ৰকাশ কৰিছো। প্ৰধানমন্ত্ৰীৰ সহযোগিতা আৰু সমৰ্থন অমূল্য, আৰু মোৰ কাৰ্যকালত মই বহু কথা শিকিছো।” বুলি পদত্যাগ পত্ৰত উল্লেখ কৰে৷উল্লেখ্য যে যোৱা মাৰ্চ মাহত উপ ৰাষ্ট্ৰপতি ধনখৰেক “হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগ”ৰ বাবে দিল্লীৰ সৰ্বভাৰতীয় চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্তি কৰা হৈছিল।
২০২২ চনত বিৰোধী দলৰ প্ৰাৰ্থী মাৰ্গাৰেট আলভাক পৰাস্ত কৰি ভেংকয়া নাইডুৰ পৰা দায়িত্ব লোৱা ধনখৰেৰ কাৰ্যকাল আৰু দুবছৰ বাকী আছিল। কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পূৰ্বে পদত্যাগ কৰা জগদীপ ধনখৰে হ’ল তৃতীয়জন উপ-ৰাষ্ট্ৰপতি। ইয়াৰ পূৰ্বে ১৯৬৯ চনৰ জুলাই মাহত ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যুৰ পিছত ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ভি ভি গিৰিয়ে উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰিছিল। আৰ ভেংকটাৰমনে ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছত ১৯৮৭ চনৰ জুলাই মাহত উপ-ৰাষ্ট্ৰপতি পদৰ পৰা পদত্যাগ কৰে। ১৯৮৪ চনৰ আগষ্টৰ পৰা ১৯৮৭ চনৰ জুলাই মাহলৈকে তেওঁ উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু ১৯৯২ চনৰ জুলাই মাহলৈকে ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈছিল।

