নিউজডেক্স, ২২ জুলাই, ২০২৫: সমগ্ৰ ৰাজ্যৰ লগতে নাজিৰা সমজিলাতো আগন্তুক স্বাধীনতা দিৱস শান্তিপূৰ্ণ তথা সফলভাৱে উদযাপন কৰাৰ উদ্দেশ্যৰে আজি নাজিৰা সমজিলা আয়ুক্তৰ কাৰ্য্যালয়ৰ সভাকক্ষত এখন প্ৰস্তুতিমূলক বৈঠক অনুষ্ঠিত কৰা হয়।
সমজিলা আয়ুক্ত শ্ৰীযুতা কণিকাৰ পৌৰহিত্যত আয়োজিত এই বৈঠকত আগন্তুক স্বাধীনতা দিৱস সূচাৰুৰূপে উদযাপন কৰাৰ লক্ষ্যৰে বিভাগীয় দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে বিতং ভাবে আলোচনা কৰা হয়। বৈঠকত সুৰক্ষা তথা নিৰাপত্তা বিষয়ৰ ওপৰত আলোচনা কৰাৰ লগতে স্বাধীনতা দিৱসৰ মূল অনুষ্ঠানত পৰিবেশন কৰিবলগীয়া কাৰ্যসূচী সম্পৰ্কেও আলোচনা কৰা হয়।
তদুপৰি, স্বাধীনতা দিৱসৰ পূৰ্বে চৰকাৰী বিভাগসমূহৰ মুৰব্বী বিষয়াসকলক নিজ নিজ কাৰ্যালয়ৰ স্বচ্ছতাৰ লগতে সুৰক্ষা আৰু নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰিবলৈও আহ্বান জনায়। সমজিলা আয়ুক্ত গৰাকীয়ে সংশ্লিষ্ট সকলো বিভাগৰ বিষয়া-কৰ্মচাৰীক নিজ নিজ ন্যস্ত দায়িত্ব আৰু কৰ্তব্য নিষ্ঠা সহকাৰে পালন কৰি স্বাধীনতা দিৱসৰ সমূহ কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তুলিবলৈ আহ্বান জনায়।উল্লেখযোগ্য যে, এইবাৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি বেডমিন্টন, ফুটবল, চিত্ৰাংকন আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ’ব।আজিৰ বৈঠকত নাজিৰা সমজিলাৰ সহকাৰী আয়ুক্তসকলৰ লগতে বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বী বিষয়াসকল,স্থানীয় সাংবাদিক সকল, নাজিৰাৰ বহু জ্যেষ্ঠ্য নাগৰিকসকল উপস্থিত থাকে।