
নিউজডেক্স,২৩জুলাই,২০২৫ : সোণাৰি চাহবাগিচাত আজি এটি নাহৰফুটুকী বাঘৰ পোৱালি ৰাইজে উদ্ধাৰ কৰে। স্হানীয় ৰাইজে বাঘৰ পোৱালি টো প্ৰত্যক্ষ কৰি বন বিভাগক খৱৰ দিয়াত আঘাতপ্ৰাপ্ত অৱস্থাত নাহৰফুটুকী পোৱালিটো উদ্ধাৰ কৰা হয়৷সোণাৰি আঞ্চলিক বন বিভাগ আৰু প্ৰকৃতি প্ৰেমী জ্যোতিপ্ৰসাদ বৰুৱা আৰু ৰবীন বাইলুঙৰ তৎপৰাতাত উদ্ধাৰ কৰে নাহৰফুটুকী বাঘৰ পোৱালিটো। ঘটনা স্থলীত বাঘটো চাবলৈ ৰাইজৰ হেতা ওপৰা সৃষ্টি হয়।

